অসম

assam

By

Published : Jan 8, 2021, 6:01 PM IST

ETV Bharat / state

ৰঙাপৰাত ২০২০ বৰ্ষৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ চমুকৈ এচটেকৰ সৌজন্যত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ৰঙাপৰা খণ্ডৰ উদ্যোগত শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনুষ্ঠিত কৰা হয় ২০২০ বৰ্ষৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা ৷

2020 Year Science Based Competition in Rangapara
ৰঙাপৰাত ২০২০ বৰ্ষৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

ৰঙাপৰা,8 জানুৱাৰী: বিগত বছৰৰ দৰে এইবেলিও শোণিতপুৰ জিলাৰ ৰঙাপৰাত ২০২০ বৰ্ষৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ চমুকৈ এচটেকৰ সৌজন্যত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ৰঙাপৰা খণ্ডৰ উদ্যোগত ৰাজেন্দ্ৰ জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত কৰা হয় ৷

ৰঙাপৰাত ২০২০ বৰ্ষৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

প্ৰতিযোগিতাখনিত ৰঙাপৰা অঞ্চলৰ ৰঙাপৰা বেঙ্গলী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বৈদ্যুতিক উত্তোলন, ৰাজেন্দ্ৰ জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পানী প্ৰদূষণমুক্ত, স্বচ্ছ ভাৰত অভিযান, সুগভীৰ জলসিঞ্চন, বেঙ্গলী এম ভি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যুৎ চুম্বক প্ৰস্তুত প্ৰণালী, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সালোক সংশ্লোষণ ক্ৰিয়াৰ আৰ্হি, গ্ৰেফাইটৰ মাজেদি বিদ্যুৎ সৰবৰাহ, সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি, ৰঙাপৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বায়ু প্ৰদূষণ আৰু শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ক'ৰণাসৃষ্ট পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বিজ্ঞান ভিত্তিক নমুনা প্ৰদৰ্শন কৰে।

লগতে পঢ়ক:মাঘ বিহুৰ উৰুকাত সীমিত বন্ধ পাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details