অসম

assam

By

Published : Aug 29, 2019, 8:13 AM IST

ETV Bharat / state

আমগুৰিত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ

ৰূপহীমুখত উপস্থিত হৈ ৰূপহীমুখৰ গৰাখহনীয়া,যাতায়াত আৰু মথাউৰি সমূহ পৰিদৰ্শন কৰিলে সাংসদ গগৈয়ে ৷

আমগুৰিত সাংসদ তপন গগৈ

আমগুৰি, 29 আগষ্টঃবুধবাৰে আমগুৰি সমষ্টিৰ ৰূপহীমুখত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ৷ ৰূপহীমুখৰ সমস্যাৰ বুজ ল'বৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাৰ স'তে উপস্থিত হয় সাংসদ গৰাকী ৷

আমগুৰিত সাংসদ তপন গগৈ

ৰূপহীমুখত উপস্থিত হৈ ৰূপহীমুখৰ গৰাখহনীয়া,যাতায়াত আৰু মথাউৰি সমূহ পৰিদৰ্শন কৰিলে সাংসদ গগৈয়ে ৷ ইয়াৰোপৰি ৰূপহীমুখ জনজাতি নামঘৰৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংসদ তপন গগৈয়ে ৰূপহীমুখৰ সমস্যা সমূহৰ বাবে শীঘ্ৰে স্থায়ী সমাধানৰ আশ্বাস দিয়ে। লগতে ৰূপহীমুখৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ সমাধানৰ ব্যৱস্থা কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ আনহাতে ৰূপহীমুখত প্ৰতি সপ্তাহৰ এটা দিনত এজন চিকিৎসকৰ ব্যৱস্থা কৰিব বুলিও তেওঁ ঘোষণা কৰে ৷ ইপিনে চৰকাৰী মেচিন নাও বিকল হৈ থকা সন্দৰ্ভত তেওঁ কয় যে শীঘ্ৰে তেওঁ বিভাগক নাও কেইখন মেৰামতি কৰি কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিব ৷

ABOUT THE AUTHOR

...view details