অসম

assam

By

Published : Jun 16, 2020, 10:09 PM IST

ETV Bharat / state

শিৱসাগৰত বিজেপি দলৰ জনসম্পৰ্ক অভিযানত সাংসদ প্ৰদান বৰুৱা

কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে ৰাইজৰ মনৰ কথা বুজ ল'বলৈ আৰম্ভ কৰিছে শাসনাধিষ্ঠিত বিজেপি দলে। মঙলবাৰে শিৱসাগৰত বিজেপি দলৰ জনসম্পৰ্ক ৰক্ষা অভিযানৰ এই কাৰ্যসূচীত ভাগ লয় সাংসদ প্ৰদান বৰুৱাই ৷

শিৱসাগৰত বিজেপি দলৰ জনসম্পৰ্ক অভিযানত সাংসদ প্ৰদান বৰুৱা
শিৱসাগৰত বিজেপি দলৰ জনসম্পৰ্ক অভিযানত সাংসদ প্ৰদান বৰুৱা

শিৱসাগৰ, 16 জুনঃ দিল্লীৰ গাদী দখল কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগতে আগন্তক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ ৰূপে বিজেপি চৰকাৰৰ জনসম্পৰ্ক ৰক্ষা অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰিছে সৰ্বত্ৰে ৷

বিজেপি দলৰ জনসম্পৰ্ক অভিযানত সাংসদ প্ৰদান বৰুৱা
দেশৰ লগতে ৰাজ্যখনত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ৰাজ্যজুৰি আতংকময় পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে দিছপুৰৰ গাদী দখল কৰি থকা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আগন্তুক ৰাজ্য বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ পদুলিয়ে পদুলিয়ে বিজেপি সাংসদৰ নেতৃত্বত দলীয় নেতা কৰ্মী।উল্লেখ্য যে অসম চৰকাৰৰ আস্থা, বিশ্বাসৰ অন্যন্য যাত্ৰা হিচাপে বিজেপি চৰকাৰে আজিৰে পৰা আৰম্ভ কৰা'জন সম্পৰ্ক কাৰ্যসূচী' সমগ্ৰ অসমৰ লগতে উজনি অসমৰ শিৱসাগৰ জিলাতো শুভাৰম্ভ হয়। আজি শিৱসাগৰ নগৰ তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ সাংসদ প্ৰদান বৰুৱাই শুভাৰম্ভণি কৰে এই জন সম্পৰ্ক কাৰ্যসূচীৰ। ৰাজ্যত বিজেপি দলৰ চৰকাৰৰ প্ৰথম কাৰ্যকালত কি দৰে ৰাইজে বিভিন্ন সা-সুবিধা লাভ কৰিছে তাৰ ওপৰতো মত বিনিময় কৰে।লগতে চাওকঃ জয়ন্ত বৰাৰ হত্যাকাণ্ডঃ বৰহোলাত তিনিমন্ত্ৰী উপস্থিত

ABOUT THE AUTHOR

...view details