অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশনৰ সামৰণি

১৮ অক্টোবৰ তাৰিখে অন্তিম কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ বিপৰীতে সোমবাৰে অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু সাংস্কৃতিক শোভাযাত্ৰা । পুৱাৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-পৰম্পৰা সমূহ প্ৰদৰ্শন কৰা হয়‌ ।

By

Published : Oct 19, 2020, 9:14 PM IST

sivsagar aasu program
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশনৰ সামৰণি

শিৱসাগৰ, 19 অক্টোবৰ :সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে অন্ত পৰে । ১৮ আৰু ১৯ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশন খনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে । ১৮ অক্টোবৰ তাৰিখে অন্তিম কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ বিপৰীতে সোমবাৰে অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু সাংস্কৃতিক শোভাযাত্ৰা । পুৱাৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-পৰম্পৰা সমূহ প্ৰদৰ্শন কৰা হয়‌ । দুপৰীয়া অনুষ্ঠিত প্ৰতিনিধি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত থাকে ।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশনৰ সামৰণি

উক্ত প্ৰতিনিধি সভাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই উন্মোচন কৰে । উক্ত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ বহু কেইজন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক: লাডাখত ভাৰতীয় সেনাৰ হাতত আটক চীনা সৈনিক

ABOUT THE AUTHOR

...view details