অসম

assam

By

Published : Apr 24, 2020, 10:17 AM IST

ETV Bharat / state

আমগুৰিত চৰকাৰী ধন বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ

ঘটনাৰ তদন্তৰ বাবে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমগুৰি আঞ্চলিক সমিতিয়ে ৷

Scam in Government fund distribution at Amguri
আমগুৰিত চৰকাৰী ধন বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ

আমগুৰি,24এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিত দৰিদ্ৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা ধনৰ বিতৰণত অনিয়ম অভিযোগ হোৱাৰ অভিযোগ ৷ ৰেচন কাৰ্ড নথকা অথচ দৰিদ্ৰ পৰিয়াল সমূহলৈ চৰকাৰে প্ৰদান কৰা 1000 টকাৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ বাবে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰেছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমগুৰি আঞ্চলিক সমিতিয়ে

আমগুৰিত চৰকাৰী ধন বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ

উল্লখ্য যে,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি ভূঞাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডত একাংশ ৰেচন কাৰ্ড থকা পৰিয়াল তথা চৰকাৰী চাকৰিয়াল আৰু পেন্সন লাভ কৰি থকা লোকক প্ৰদান কৰা হৈছে এই ধন ৷ সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ হস্তক্ষেপৰ বাবেই পঞ্চায়টোত দুৰ্নীতি সংঘটিত কৰা পঞ্চায়ত সদস্যৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৷

লগতে পঢ়কঃ ধুবুৰীত কৰ'ণাৰ বিৰুদ্ধে নৌকা স্বাস্থ্য সেৱাই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ

ABOUT THE AUTHOR

...view details