শিৱসাগৰ, 3 আগষ্ট :দেশ তথা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে সাধাৰণ ৰাইজৰ ৷ এফালে কাল কৰ’ণাৰ ত্ৰাস, আনফালে ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷
ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনতে হোৱা অভাৱনীয় মূল্যবৃদ্ধি(Price Hike)য়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত মঙলবাৰে ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলা সমিতিৰ বহুসংখ্যক কৰ্মী তথা বিষয়ববীয়াই শিৱসাগৰ দ'লমুখ চাৰিআলিত মানৱ শৃংখল কাৰ্যসূচীৰে ৰূপায়ণ কৰে প্ৰতিবাদ ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ লগতে পঢ়ক:মূল্যবৃদ্ধি ৰোধত চৰমভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ: চৰাইদেউ আছু
ছাত্ৰ মুক্তিৰ সদস্যসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’লিয়াম মন্ত্ৰীৰ কাম নাই আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ ।
লগতে পঢ়ক:তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি(BJP) চৰকাৰৰ দিনতে মূল্যবৃদ্ধি (Price Hike)য়ে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক । যাৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ (Protest) । ইমানৰ পাচতো মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷ যাৰ বাবে অধিক ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰীসকল ৷
লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ