অসম

assam

ETV Bharat / state

মজুৰি বৃদ্ধিৰ দাবীত বৰবাম চাহ বাগানত উত্তাল প্ৰতিবাদ

শুকুৰবাৰে চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

By

Published : Sep 11, 2020, 7:47 PM IST

Protest at Barbam Tea Estate amguri sivsagar assam etv bharat news
চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ প্ৰতিবাদ

আমগুৰি,11 ছেপ্তেম্বৰ:প্ৰাপ্যৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ আহিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল ৷ শুকুৰবাৰে শ্ৰমিকসকলৰ বঞ্চিত প্ৰাপ্য লাভৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় আমগুৰিৰ বৰবাম বাগানত ৷ উল্লেখ্য যে, শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত কৰা হৈছে এই উত্তাল প্ৰতিবাদ ৷

চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ প্ৰতিবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থাই মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে উত্তাল কৰি তোলে আমগুৰিৰ বৰবাম বাগান । শেহতীয়াকৈ পৰিৱৰ্তনকামী চৰকাৰখনে চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধিৰ লগতে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰি শাসনৰ গাদীত অধিষ্ঠিত হৈছিল ৷ কিন্তু এই সমস্যা সমাধানৰ বাবে পৰৱৰ্তী সময়ত কোনো গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে । সেয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৰবাম বাগানত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

লগতে চাওকঃঅনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details