আমগুৰি,১৩ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ বৰাহীবাৰী অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ দ্বাৰা ভূ-কম্পনৰ জৰিয়তে চলি থকা ভূ-গৰ্ভস্থ তেলৰ অনুসন্ধানত বহুলোকৰ বাসভৱনৰ লগতে কৃষি ভূমিৰ ব্যাপক ক্ষতিসাধনৰ অভিযোগ উঠিছে ৷ যাৰ বাবে অ’এনজিচিক ভূ-কম্পন জৰীপ বন্ধৰ দাবী জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদ নামৰ সংগঠন দুটাই ৷ ইয়াৰ লগতে সংগঠন দুটাৰ নেতৃবৃন্দই ১৫ ফেব্ৰুৱাৰীৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷
আমগুৰিত ভূ-কম্পন জৰীপ বন্ধৰ দাবীত আন্দোলন - টাই আহোম যুৱ পৰিষদ
১৫ ফেব্ৰুৱাৰীৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদ নামৰ সংগঠন দুটাই ৷
আটছা আৰু টাইপাই স্থানীয় ৰাইজৰ সহযোগত ১৫ ফেব্ৰুৱাৰীত ধেপৰ তিনিআলিৰ পৰা বৰাহীবাৰীলৈ যোৱা অ’এনজিচিৰ পথ অৱৰোধ কৰিব ৷ ইয়াৰ পাছতেই সংগঠন দুটাই ১৮ ফেব্ৰুৱাৰীত আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ২২ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন অ’এনজিচি বন্ধৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে ৷ সংগঠন দুটাই শনিবাৰে এই সন্দৰ্ভত আমগুৰিৰ ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰি ক্ষতিগ্ৰস্থ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।
লগতে পঢ়ক : শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট...