অসম

assam

By

Published : Nov 1, 2022, 12:09 PM IST

ETV Bharat / state

Person with a message of harmony: কলমৰ শক্তিৰে নিজৰ পাৰদৰ্শিতা দেখুওৱা এগৰাকী সাধাৰণ ব্যক্তি

এগৰাকী সাধাৰণ ব্যক্তি ৷ কিন্তু কামহে অসাধাৰণ ৷ যিগৰাকী ব্যক্তিয়ে অসম-নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে কলমেৰে দেখুৱাইছে নিজৰ পাৰদৰ্শিতা (Power of a pen)৷ পিছে কোন এগৰাকী ব্যক্তি ? সবিশেষ পঢ়ক আমাৰ এই প্ৰতিবেদনত ৷

Power of a pen
কলমৰ শক্তিৰে নিজৰ পাৰদৰ্শিতা দেখুৱা এগৰাকী সাধাৰণ ব্যক্তি

আমগুৰি, ১ নৱেম্বৰ : অসম-নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱা আমগুৰিৰ এগৰাকী বিশেষ ব্যক্তি (Harmony between Assam and Nagaland) ৷ যিগৰাকী ব্যক্তি অসম সাহিত্য সভাৰো আজীৱন সদস্য ৷ তেওঁ হৈছে আমগুৰিৰ নিবাসী ৰাজেন গগৈ (Ordinary man of Amguri) ৷

চাহ জনগোষ্ঠীৰ পৰা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিষয়ক লৈ ১৫ খনকৈ গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ৰাজেন গগৈয়ে (Power of a pen) । তেওঁৰ কাব্যগ্ৰন্থৰ ভিতৰত অদৃত সন্ধানত, গল্প সংকলনৰ ভিতৰত বৃত্তৰ মাজত আমি, মাডলৰ ছেৱে ছেৱে আদি অন্যতম ৷ ইয়াৰ উপৰিও জীৱনৰ ৰং আৰু উৎসৱ, আধুনিক অসমৰ গুৰিয়ালসকল, Makers of Assam Mediaeval to Modern Time, A Few Makers of Modern Assam গ্ৰন্থ গগৈৰ অন্যতম লেখনি ৷

কলমৰ শক্তিৰে নিজৰ পাৰদৰ্শিতা দেখুৱা এগৰাকী সাধাৰণ ব্যক্তি

ইয়াৰ উপৰিও গগৈয়ে চাহ জনগোষ্ঠীৰ লোকগীত সম্ভাৰকে ধৰি বহুকেইখন গ্ৰন্থ ৰচনা কৰি গৈছে ।

জৈৱিক কৃষিৰ জড়িয়তে গ্ৰাম্য অৰ্থনীতি সৱল কৰাত গুৰুত্ব আৰোপ কৰা ৰাজেন গগৈয়ে ব্লেক ৰাইচ, গ্ৰীণ টী, ৰেড ৰাইচ, পৰম্পৰাগত ব্ৰইল ৰাইচকে ধৰি বিভিন্ন খেতিৰে কৃষিৰ ক্ষেত্ৰখনতো নিজকে জড়িত কৰি ক্ষেত্ৰখনলৈ আগবঢ়াইছে বিশেষ অনদান । এইগৰাকী বিশেষ ব্যক্তিৰ কৰ্মই শিক্ষিত যুৱ প্ৰজন্মকো আত্মনিৰ্ভৰ হ’বৰ বাবে বিশেষভাৱে উৎসাহিত কৰি আহিছে ।

লগতে পঢ়ক :Kolia Bhomora Setu: আজিৰে পৰা বন্ধ হ’ব প্ৰথমখন কলীয়া ভোমোৰা দলং

ABOUT THE AUTHOR

...view details