আমগুৰি, 23 জুন: নিৰ্বাচন আয়োগৰ খচৰা মতে বিলুপ্ত হ’ব 103 নং আমগুৰি সমষ্টি ৷ তাৰ স্থানত নতুন এটা সমষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে শিৱসাগৰত ৷ সেয়া হ’ল ডিমৌ সমষ্টি ৷ কিন্তু আমগুৰি সমষ্টিৰ বিলুপ্তিৰ সিদ্ধান্তৰ বিৰোধিতা বহু দল-সংগঠন তথা স্থানীয় ৰাইজৰ ৷ কোনো কাৰণতে সমষ্টিটো বিলুপ্তি ঘটাবলৈ দিয়া নহ’ব বুলি হুংকাৰ ৰাইজৰ ৷ ২৪ জুনত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত আমগুৰিবাসীৰ ৷
ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে 1951 চনত প্ৰথমজন বিধায়ক নিৰ্বাচিত হৈছিল আমগুৰিৰ পৰা ৷ বৰ্তমানলৈকে সমষ্টিটোৰ বিধায়কসকল হ’ল-
- 1951 ত বিধায়ক নিৰ্বাচিত ৰবীন কাকতি
- 1957 ত বিধায়ক নিৰ্বাচিত খগেন্দ্ৰ নাথ বৰবৰুৱা
- 1962 ত বিধায়ক নিৰ্বাচিত খগেন বৰবৰুৱা
- 1967 চনত বিধায়ক নিৰ্বাচিত পুষ্পধৰ চলিহা
- 1972 চনত বিধায়ক নিৰ্বাচিত পুষ্পধৰ চলিহা
- 1978 চনত বিধায়ক নিৰ্বাচিত খগেন বৰবৰুৱা
- 1983 চনত বিধায়ক নিৰ্বাচিত কীৰ্তি দত্ত
- 1985, 1996, 2006, 2016 আৰু 2021 চনত বিধায়ক নিৰ্বাচিত প্ৰদীপ হাজৰিকা
- 1991, 2001, 2011 চনত বিধায়ক নিৰ্বাচিত অঞ্জন দত্ত