অসম

assam

By

Published : May 3, 2019, 3:30 PM IST

ETV Bharat / state

অ'এন জি চিয়ে দুৰ্ভোগ ভোগাইছে আমগুৰিবাসীক

তৈল পৰিবাহী পাইপ ফুটি বিনষ্ট হ'ল কৃষিভূমি, মৃত্যু পশুধনৰ

অ' এন জি চিয়ে দুৰ্ভোগ ভোগাইছে আমগুৰিবাসীক

আমগুৰি,3 মেঃ অ'এন জি চিৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিছে আমগুৰিবাসীয়ে ৷ তৈল পৰিবাহী পাইপ ফুটি নিৰ্গত হোৱা তৈল পদাৰ্থই সম্প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছে আমগুৰিবাসী ৰাইজৰ মাজত ৷ জিজি এচ-2 ৰ পৰা গেলেকী চিটি এফলৈত তৈল সৰবৰাহ হোৱা পাইপ লাইনত সৃষ্টি হোৱা ফুটাৰে নিৰ্গত হোৱা তৈল পৰ্দাথই বিস্তৃত কৃষিভূমি বুৰাই পেলোৱাৰ লগতে হাঁহ,কুকুৰা,গৰু-ছাগলীকে ধৰি বহু সংখ্যক পশুধনৰ মৃত্যুৰ কাৰক হৈ পৰিছে এই তৈল পদাৰ্থ ৷

অ' এন জি চিয়ে দুৰ্ভোগ ভোগাইছে আমগুৰিবাসীক

ইফালে,বিয়পি পৰা তেলত থকা জাইলিন নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থই জনবসতিপূৰ্ণ অঞ্চলটোৰ জনসাধাৰণলৈ নমাই আনিছে সংকট ৷ শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভোগা জনসাধাৰণে অ'এনজিচি কৰ্তৃপক্ষৰ লগতে আৰ ডি এছৰ শীৰ্ষ বিষয়াক নিগৰিত বিষাক্ত তৈল পদাৰ্থ সমূহ পৰিস্কৰণৰ দাবী জনাইছে যদিও বৰ্তমানলৈ অ'এন জি চিয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্তই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নকৰিলে অ'এনজিচি আৰু জিজি এচ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details