অসম

assam

By

Published : Sep 23, 2019, 10:31 PM IST

ETV Bharat / state

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

বৰ্তমান ধাৰাবাহিক আন্দোলনৰ সন্মুখীন হৈছে অ'এনজিচি ৷ নাজিৰাত অ'এনজিচিৰ বিৰুদ্ধে সাতটা সংগঠনৰ প্ৰতিবাদ ৷

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

নাজিৰা, 23 ছেপ্টেম্বৰ : দেশৰ মহাৰত্ন কোম্পানী খ্যাত অ'এনজিচিৰ বিৰুদ্ধে নাজিৰাত অব্যাহত আছে প্ৰতিবাদ ৷ সোমবাৰে নাজিৰাৰ অ'এনজিচিৰ অসম সম্পদৰ কাৰ্যালয়ত সাতটাকৈ সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ৷ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু যোগ্যতাৰ ভিত্তিত থলুৱা নিবনুৱাক নিযুক্তিৰ দাবীত সাতটাকৈ বাওঁ‌ গণতান্ত্ৰিক সংগঠনে এই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে ।

অ'এনজিচিৰ বিৰুদ্ধে সাতটা বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত আইটিউ, চিচিআইটিউ, নিখিল ভাৰত কৃষক সভা,কৃষক মুক্তি সংগ্ৰাম সমিতি,এআইওৱাইএ, এছএফআই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম মহিলা সংঘ, চাহ মুক্তি সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details