শিৱসাগৰ, 29 আগষ্টঃএভাৰেষ্ট জয়কাৰী নৱ ফুকনৰ সংবাদমেলৰ পিছতেই চৰকাৰে বাতিল কৰিলে টেনজিং নৰ্গে বঁটাৰ পৰা নৰেন্দ্ৰ সিঙৰ নাম ৷ উল্লেখ্য যে, বিগত ২৪ আগষ্টত অসম সন্তান এভাৰেষ্ট শৃংগ আৰোহণকাৰী নৱ ফুকনে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰত চৰকাৰে দুঃসাহসীক ক্ৰীড়াৰ বাবে প্ৰদান কৰা টেনজিং নৰ্গে বঁটাৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল ৷ ২০১৬ চনত এভাৰেষ্ট শৃংগত আৰোহণ কৰা দেশীয় দলটোৰ নেতৃত্বত থকা নৱ ফুকনে ২০১৯ চনৰ টেনজিং নৰ্গে বঁটাৰ বাবে হাৰিয়ানাৰ নৰেন্দ্ৰ সিং যাদৱ নামৰ লোকজনক চৰকাৰে মনোনীত কৰাক লৈ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছিল ৷ বঁটাৰ বাবে নৰেন্দ্ৰ সিং যাদৱে প্ৰেৰণ কৰা সকলো তথ্য ভুৱা বুলিও অভিযোগ আনিছিল নৱ ফুকনে ৷ তেখেতে আৰু কয় যে, নৰেন্দ্ৰ সিং যাদৱ ২০১৬ চনৰ দলটোৰ সদস্য আছিল যদিও অক্সিজেনৰ অভাৱত এভাৰেষ্ট শৃংগত আৰোহণ কৰিব নোৱাৰিলে ৷
টেনজিং নৰ্গে বঁটাৰ পৰা ভাৰত চৰকাৰে বাতিল কৰিলে নৰেন্দ্ৰ সিঙৰ নাম - নৱ ফুকন
বিগত ২৪ আগষ্টত অসম সন্তান এভাৰেষ্ট শৃংগ আৰোহণকাৰী নৱ ফুকনে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ সম্বোধন কৰি ভাৰত চৰকাৰে দুঃসাহসীক ক্ৰীড়াৰ বাবে প্ৰদান কৰা টেনজিং নৰ্গে বঁটা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল ৷ ২০১৬ চনত এভাৰেষ্ট শৃংগত আৰোহণ কৰা বহুদেশীয় দলটোৰ নেতৃত্বত থকা নৱ ফুকনে ২০১৯ চনৰ টেনজিং নৰ্গে বঁটাৰ বাবে হাৰিয়ানাৰ নৰেন্দ্ৰ সিং যাদৱ নামৰ লোকজনক চৰকাৰে মনোনীত কৰাক লৈ তীব্ৰ বিৰোধ প্ৰকাশ কৰিছিল ৷

নৱ ফুকনৰ সংবাদমেলঃভাৰত চৰকাৰে বাতিল কৰিলে টেনজিং নৰ্গে বঁটাৰ পৰা নৰেন্দ্ৰ সিঙৰ নাম
নৱ ফুকনৰ সংবাদমেলঃভাৰত চৰকাৰে বাতিল কৰিলে টেনজিং নৰ্গে বঁটাৰ পৰা নৰেন্দ্ৰ সিঙৰ নাম
নৱ ফুকনৰ এই প্ৰতিক্ৰিয়া সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে বিষয়টো সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে টেনজিং নৰ্গেৰ পুত্ৰ জেমলিং নৰ্গে আৰু অন্যান্য পৰ্বতাৰোহী সকলে ৷ ইয়াৰ পিছতেই 28 আগষ্ট শুকুৰবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে টেনজিং নৰ্গে বঁটাৰ বাবে মনোনয়ন কৰা নৰেন্দ্ৰ সিং যাদৱৰ নাম বাতিল কৰা সন্দৰ্ভত এক তদন্তৰ ঘোষণা কৰে ৷ আনহাতে নৱ ফুকনে উত্থাপন কৰা জালিয়াতিৰ অভিযোগৰ বাবে নৰেন্দ্ৰ সিং যাদৱে হাৰিয়ানাত নৱ ফুকনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।