অসম

assam

ETV Bharat / state

শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে গগৈয়ে - কৃষক নেতা অখিল গগৈ

শিৱসাগৰত অখিল গগৈ ৷ ৰংঘৰৰ শৰণাপন্ন হৈ ৰাইজৰ স্বাৰ্থত আপোচ নকৰাকৈ শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ আশ্বাস দিলে অখিল গগৈয়ে ৷ লগতে বিধায়ক হিচাপে প্ৰথম কামৰ কথা সদৰি কৰিলে অখিলে ৷

first time mla akhil gogoi in sivasagar
শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে

By

Published : Jul 2, 2021, 9:52 PM IST

শিৱসাগৰ, 2 জুলাই : বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে শিৱসাগৰত উপস্থিত হ'ল বিধায়ক তথা কৃষক নেতা অখিল গগৈ ৷ উপস্থিত হোৱা পাচতে 'ইনকিলাব জিব্দাবাদ' ধ্বনিৰে শিৱসাগৰবাসীয়ে আদৰণি জনাই ৰাইজৰ দলৰ নেতা অখিল গগৈক ৷ ৰংঘৰৰ বাকৰিত শৰণ লৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ৷

কাৰাবন্দী অৱস্থাত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিগত বিধানসভা নিৰ্বাচনত জয়ী হোৱা অখিল গগৈ কাৰামুক্ত হৈ শুকুৰবাৰে প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টিত উপস্থিত হয় । শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল জাঁজীৰ পৰা বিধায়ক গৰাকীক আদৰি নিয়ে শিৱসাগৰবাসীৰ লগতে তেওঁৰ অনুৰাগীয়ে ৷ ইয়াৰ পাচতে ৰংঘৰত উপস্থিত হয় বিধায়ক অখিল গগৈ ৷

ৰংঘৰৰ বাকৰিতে বিধায়ক গৰাকীক ৰাইজৰ দলৰ কৰ্মীসকলৰ লগতে কেইবাটাও জাতীয় দল-সংগঠনৰ নেতা-কৰ্মীয়ে কৃষক উষ্ম আদৰণি জনায় ৷ ফুলৰ থোপা আৰু গোমাচাৰে নেতা গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে শিৱসাগৰবাসীয়ে ৷ ইয়াৰ পাচতে পোনে পোনে ৰংঘৰ চাৰিআলিৰ ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক গৰাকী ৷

কাৰ্যালয়ত গগৈয়ে ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ৷ সাংবাদিকক সম্বোধন কৰি বিধায়ক গৰাকীয়ে কয়, শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু সন্মান দেখি অভিভূত হৈছো । শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক জয়যুক্ত কৰি যিখিনি কৰিবলগীয়া আছিল কৰিলে । এতিয়া শিৱসাগৰবাসীৰ বাবে বিধায়ক গৰাকীয়ে কৰিবলগীয়াখিনি কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে অখিল গগৈয়ে ৷

শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে

"শিৱসাগৰ সমষ্টিক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৰে অগ্ৰগতি দিয়া হ'ব । এনে কৰিবলৈ যাওঁতে যদি কোনো মন্ত্ৰী-আমোলাই মোক বাধা প্ৰদান কৰে তেন্তে তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাক ৰাইজে দেখিব । সমষ্টিৰ সামগ্ৰিক উন্নয়ণ মোৰ প্ৰথম কাম হ'ব ।" শিৱসাগৰক প্ৰথমে ৰাজ্যিক ভিত্তিত Heritage City ঘোষণা কৰাৰ পাচতে World Heritage City হিচাপে ঘোষণা কৰাত গুৰুত্ব প্ৰদান কৰি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে ৷

তেওঁ কয়, শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হ'ব ৷ শিৱসাগৰৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমস্যাসমূহ পৰ্যায় ক্ৰমে সমাধানৰ পৰিকল্পনা প্ৰস্তুত কি কাৰ্যপন্থা হাতত লোৱা হ'ব ৷ সেইদৰে শিৱসাগৰক এক বৌদ্ধিক আৰু আধ্যাৎত্মিক কেন্দ্ৰলৈ পৰিণত কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে ৷

ইফালে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত অখিল গগৈয়ে কয়, ইতিমধ্যে সমষ্টিৰ উন্নয়ণৰ বাবে বহু কেইখন সমিতি গঠন কৰি দিয়া হৈছে । এই সমিতি সমূহৰ পৰা তথ্য সংগ্ৰহ কৰি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৷ উল্লেখ্য যে, সমষ্টিত প্ৰথমবাৰৰ অখিল গগৈয়ে ভৰি দিয়াৰ পাচতে শিৱসাগৰবাসীৰ মাজত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে ৷ ক'ভিড প্ৰট'কল মানি সমৱেত হোৱা গগৈৰ অনুৰাগীসকলে সমদল কৰি বিভিন্ন শ্ল’গানেৰে নেতাগৰাকীক কাৰ্যালয়লৈ আগবঢ়াই নিয়ে ৷

শিৱসাগৰৰ বিধায়ক গৰাকীক আদৰণি জনোৱাৰ সময়তে সুৰক্ষাৰ বাবে মোতায়ন কৰা আৰক্ষী- নিৰাপত্তা বাহিনীয়ে মাইকযোগে জাৰি হৈ থকা সান্ধ্য আইন মানি চলিবলৈ সোঁৱৰাই দিয়ে ।

লগতে পঢ়ক :আকৌ আন্দোলনৰ কথা কিয় ক’লে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

...view details