আমগুৰি,21ডিচেম্বৰঃপৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিন চৰকাৰ ৷ প্ৰতিখন সভাত উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ৰাজ্য চৰকাৰে ৷ কিন্তু ৰাজ্যত প্ৰকৃততে হৈছেনে উন্নয়ন ? ৰাজ্যৰ উন্নয়নটো দূৰৰ কথা খুদ নিজা চৰকাৰী বিভাগৰে জুৰুলা স্বৰূপ এতিয়া পোহৰলৈ আহিছে ৷
বিপদসংকুলভাৱে চলি আছে শিৱসাগৰ জিলাৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা ৷ পাৰঘাটৰ অভাৱত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দিখৌমুখত নিৰ্মাণ কৰিবলগীয়া হৈছে অস্থায়ী পাৰঘাট ৷ আনকি বতাহ-বৰষুণটো কৰ্মচাৰীৰ জিৰণিৰ বাবে নাই এটা স্থায়ী গৃহ ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে গৰাখহনীয়াৰ কবলত পৰা দিখৌমুখ-মাজুলী পাৰঘাটৰ বাবে চিন্তিত হৈ পৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকল ৷