অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক

সমাগত বাৰিষা। ফেনে-ফুটুকাৰে বাঢ়ি আহিছে মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰি দিখৌমুখৰ জনসাধাৰণক৷ বান প্ৰতিৰোধতো দূৰৰে কথা আজিকোপতি প্ৰশাসনে নিৰ্মাণ নকৰিলে মথাউৰি। ভগ্ন মথাউৰিক লৈ বিনিদ্ৰ ৰজনী নৈপৰীয়া ৰাইজৰ৷

ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক

By

Published : May 22, 2019, 2:41 PM IST

আমগুৰি, 22 মে': দিখৌমুখৰ আলিমুৰ মিছিংগাঁৱত মথাউৰিক লৈ শংকাত ভুগিছে স্থানীয় ৰাইজ ৷ ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই দীৰ্ঘদিনৰে পৰা গ্ৰাস কৰি আহিছে আলিমুৰ গাঁৱক ৷ আলিমুৰৰ লগতে মাজুলী সংযোগী পাৰঘাটটো নিঃশেষ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷

ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক

বান সমস্যা ৰোধৰ বাবে দীৰ্ঘদিনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও মথাউৰি নিৰ্মাণ নহ'ল দিখৌমুখত ৷ উপায়ন্তৰ হৈ মথাউৰি নিৰ্মাণৰ বাবে প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে দিখৌমুখবাসী ৷

ABOUT THE AUTHOR

...view details