অসম

assam

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত CAA বিৰোধী প্ৰতিবাদ

By

Published : Dec 27, 2019, 11:56 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত 'গণ প্ৰতিবাদ' কাৰ্যসূচী ৷ আমগুৰিতো CAA বাতিলৰ দাবীত নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট ৷

ধাৰাবাহিকভাৱে অব্যাহত CAA বিৰোধী প্ৰতিবাদ
ধাৰাবাহিকভাৱে অব্যাহত CAA বিৰোধী প্ৰতিবাদ

শিৱসাগৰ, 27 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদশিৱসাগৰ জিলা সমিতিৰ উদ্যোগত'গণ প্ৰতিবাদ'কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ খেলপথাৰত ৷

'গণ প্ৰতিবাদ' কাৰ্যসূচীত মুখ্য বক্তা হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও শিল্পীৰ আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গ ৷ পলাশ চাংমাইয়ে প্ৰতিবাদ দমনৰ বাবে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰাৰ লগতে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু অখিল গগৈৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰি এক নিকৃষ্ট দমননীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ।

শিৱসাগৰত 'গণ প্ৰতিবাদ' কাৰ্যসূচী

আমগুৰি:ইফালে জিলাখনৰ আমগুৰিতো CAA বাতিলৰ দাবীত নামতি চাৰিআলিসন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

আমগুৰিতো CAA বাতিলৰ দাবীত ন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

লগতে পঢ়ক:CAA বিৰোধী আন্দোলনৰ প্ৰভাৱত উকা ৰাজ্যৰ বনভোজস্থলী

ABOUT THE AUTHOR

...view details