অসম

assam

By

Published : Sep 7, 2019, 5:26 PM IST

Updated : Sep 7, 2019, 5:31 PM IST

ETV Bharat / state

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ!

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ ৷ The energy and resources institute নামৰ আঁচনিৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এটি বায়’ টয়লেটৰ কামৰ নমুনাই স্তম্ভিত কৰিছে সকলোকে৷ নাজিৰাৰ মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত The energy and resources instituteৰ এক আঁচনিৰ অধীনত প্ৰজ্ঞা নামৰ এটি বেচৰকাৰী সংস্থাই বায়’ টয়লেট নিৰ্মাণ কাৰ্যৰ দ্বায়িত্ব লাভ কৰিছিল৷ অভিযোগ অনুসৰি,নিৰ্মাণৰত অৱস্থাতে শৌচাগাৰৰ পকী বেৰ খহি পৰাৰ লগতে টেংকীত ঠিকাদাৰে লোহাৰ ৰদৰ সলনি ব্যৱহাৰ কৰিছে বাঁহৰ কামী ৷

বায়’ টয়লেট নিৰ্মানৰ নামত চৰম দূৰ্নীতি

নাজিৰা, 7 চেপ্তেম্বৰঃ নিজৰ মুনাফা লাভৰ বাবেই একাংশ ঠিকাদাৰে বৰ্তাই ৰাখিছে ঠিকা বৃত্তি৷ এই কথা পুনৰ প্ৰমাণিত হৈছে নাজিৰাত৷ The energy and resourses institute নামৰ আঁচনিৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এটি বায়’ টয়লেটৰ কামৰ নমুনাই স্তম্ভিত কৰিছে সকলোকে৷ নাজিৰাৰ মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত The energy and recourses instuteৰ এক আঁচনিৰ অধীনত প্ৰজ্ঞা নামৰ এটি বেচৰকাৰী সংস্থাই বায়’ টয়লেট নিৰ্মাণ কাৰ্যৰ দ্বায়িত্ব লাভ কৰিছিল৷অভিযোগ অনুসৰি, জনৈক মহন্ত নামৰ ঠিকাদাৰ জনে মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালৰ প্ৰধান শিক্ষকক ফোন কৰি জনাইছিল এই কথা৷ কিন্তু শৌচাগাৰ নিৰ্মাণৰ বাবে কিমান টকা আহিছে বা কেনেকৈ নিৰ্মাণ কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে একো জনোৱা নাছিল ঠিকাদাৰ জনে৷ ক্ষীপ্ৰ গতিৰে কাম আগবঢ়াই নিয়া ঠিকাদাৰ জনে বিদ্যালয়ৰ শিক্ষক নথকা সুযোগ লৈ কোনো নথকা অৱস্থাত যোৱা দেওবাৰে শৌচাগাৰৰ টেংকীত ঢালাই দিয়াৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ৷ ঠিকাদাৰ জনৰ এই কাৰ্যত বিদ্যালয় কৰ্তৃপক্ষৰ সন্দেহ ওপজাত শৌচাগাৰৰ টেংকী মিষ্ট্ৰিৰ হতুৱাই ভাঙি চোৱাত ওলাই পৰে সকলো কথা৷ নিৰ্মাণৰত অৱস্থাতে শৌচাগাৰৰ পকী বেৰ খহি পৰাৰ লগতে টেংকীত ঠিকাদাৰে লোহাৰ ৰদৰ সলনি ব্যৱহাৰ কৰিছে বাঁহৰ কামী৷

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ!
ঠিকাদাৰ মহন্তই এষ্টিমেট মতেই কাম কৰা হৈছে বুলি দাবী কৰিছিল যদিও বায়'টয়লেটৰ গৃহটোত নাম মাত্ৰহে লোৰ ৰদ ব্যৱহাৰ কৰিছে৷ এনে নিম্নমানৰ কামৰ ফলত সংঘটিত হ’ব পৰা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল৷ কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা ঠিকাদাৰ জনৰ ওপৰত The energy and recourses instute কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব৷
Last Updated : Sep 7, 2019, 5:31 PM IST

ABOUT THE AUTHOR

...view details