অসম

assam

ETV Bharat / state

শিৱসাগৰৰ দিখৌ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন - ষষ্ঠী

ষষ্ঠীত বেল বোধনেৰে প্ৰতিষ্ঠা কৰা দশভূজা দুৰ্গাক বিজয়া দশমীত বিসৰ্জন। বিজয়া দশমীৰ বিদায় বেলাত শিৱসাগৰৰ থানামুখত দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰিলে ভক্তই। প্ৰশাসনৰ কঠোৰ নিৰাপত্তাৰ মাজত দিখৌ নদীৰ ঘাটত বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰা হয়।

শিৱসাগৰৰ দিখৌ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন
শিৱসাগৰৰ দিখৌ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন

By

Published : Oct 26, 2020, 3:57 PM IST

শিৱসাগৰ, ২৬ অক্টোবৰ: অশুভ শক্তিৰ প্ৰতীক মহিষাসুৰক বধ কৰি আজি দেৱী দুৰ্গা উভতিল। পূৰ্বৰ দৰে আনন্দ -উছাহ নাথাকিলেও পৰম্পৰাগত নীতি-নিয়মৰ মাজৰে শিৱসাগৰত সম্পন্ন কৰা হৈছে দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। অশ্ৰুসিক্ত নয়নেৰে দুৰ্গতিনাশিনীক বিদায় দিলে ভক্তই। শিৱসাগৰৰ থানামুখত দিখৌ নদীৰ ঘাটত বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰা হয়। কৰ'ণাৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্যবিধি মানি কাৰ্যসূচী সম্পন্ন কৰে ভক্তই।

শিৱসাগৰৰ দিখৌ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন

পুৱাৰে পৰা কঠোৰ নিৰাপত্তা মাজেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন পৰ্ব আৰম্ভ হয়। ঢাক-ঢোল আৰু ভক্ত প্ৰাণ ৰাইজৰ বিপুল হৰ্ষ উল্লাসৰ মাজত যথা বিহীতভাৱে দুৰ্গাৰ মৃণ্ময় মূৰ্তি বিসৰ্জন দিয়া হয়। শিৱসাগৰ জিলা প্ৰশাসনে বিসৰ্জন পৰ্ব সুকলমে সমাপণ কৰাৰ বাবে থানামুখ ঘাটত কঠোৰ নিৰাপত্তাৰ সমান্তৰালভাৱে অসামৰিক বাহিনীৰ দলো নিয়োজিত কৰে। থানামুখ ঘাটৰ পৰা শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ২১ভাগ দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।
PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:ক'ভিড প্ৰট'কল নেওচি মহানগৰীত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details