শিৱসাগৰ,28 অক্টোবৰ:শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে standard bidding document ব্যৱস্থাৰ দ্বাৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । যাৰ বাবে এতিয়া কেৱল কোম্পানীৰ কৰ্মচাৰীসকলৰ বাবেই নহয় ৰাইজৰ বাবেও বাজিছে বিপদঘণ্টা । কিয়নো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত ৰেহাই মূল্যত বিদ্যুৎ যোগান ধৰি অহা এই কোম্পানী ব্যক্তিগত খণ্ডৰ অধীনস্থ হ’লে ৰেহাই মূল্যৰ বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত সৃষ্টি হ’ব তীব্ৰ সমস্যা ৷
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ - standard bidding document
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ সাব্যস্ত ৷ বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ বিভাগটোৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে একাধিক দাবীৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
চৰকাৰী ৰেহাই মূল্যত বিদ্যুৎ যোগান লাভ কৰা বহু ক্ষুদ্ৰ উদ্যোগৰ লগতে বিদ্যুৎ সেৱা লাভ কৰা বহু দুখীয়া লোকৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হ’ব । এনে ব্যক্তিগতকৰণে কৰ্মচাৰীসকলৰো স্বাৰ্থত আঘাত হানিব । এনে ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰীসকলে ৷ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ নিয়োগ নিশ্চিত কৰা, খালী পদ পূৰণ কৰা, সংশোধিত বিদ্যুৎ বিধেয়ক 2020 বাতিল কৰা আদি বিষয়সমূহৰ ওপৰতো কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । এনে নায্য প্ৰতিবাদত ৰাইজকো অংশগ্ৰহণ কৰিবলৈ আহবান জনাই বিভাগীয় কৰ্মচাৰীসকলে ।
লগতে চাওকঃবিলাসী বাহনতহে ঘূৰে ছাগলী চোৰ!