আমগুৰি, 15 মাৰ্চঃসমাগত 2021 চনৰ নিৰ্বাচন ৷ আন আন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে আঞ্চলিক দল অসম গণ পৰিষদো সাজু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৷ দেওবাৰে অসম গণ পৰিষদৰ উজনি অসমৰ দুৰ্গ স্বৰূপ আমগুৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে আঞ্চলিক দলটোৱে ৷ আমগুৰিৰ ৩৭ নং আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল জাঁজীত অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল কৰ্মী সমাৰোহ ৷ প্ৰখৰ ৰ'দকো নেওচি হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত এই দলীয় সমাৰোহত দলটোৰ সভাপতি অতুল বৰা, উপ-সভাপতি কেশৱ মহন্ত, টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা, কৰ্মী উপস্থিত থাকে ৷
আমগুৰি অগপৰ বিশাল কৰ্মী সমাৰোহ
ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে আঞ্চলিক দল অসম গণ পৰিষদো সাজু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৷ দেওবাৰে আমগুৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে আঞ্চলিক দলটোৱে ৷
অগপৰ বিশাল কৰ্মী সমাৰোহ