অসম

assam

ETV Bharat / state

জবকাৰ্ডৰ হিতাধিকাৰীক প্ৰৱঞ্চনা কৰি কেনেদৰে চলে আঁচনিৰ কাম ?

গৌৰীসাগৰৰ চাৰিঙত জবকাৰ্ড হিতাধিকাৰীক চৰম প্ৰৱঞ্চনাৰ অভিযোগ গাঁও পঞ্চায়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লুণ্ঠনৰ অভিযোগ ৰাইজৰ (Scam in beneficiary scheme implementation in Amguri) ৷

By

Published : Jan 10, 2022, 6:58 PM IST

Scam in MGNREGA implementation in Amguri
জব কাৰ্ডৰ অধিকাৰী প্ৰৱঞ্চনা কৰি কেনেদৰে চলে আঁচনিৰ কাম ?

আমগুৰি, 10 জানুৱাৰী :জবকাৰ্ডৰ গৰাকীক পাৰিশ্ৰমিক দিয়াৰ জৰিয়তে উন্নয়ন আৰু অৰ্থনীতি একেলগে ধৰি ৰখাৰ বাবে চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টাত এতিয়া কেৰোণ লাগিছে ৷ একাংশ অসৎ প্ৰবৃত্তিৰ লোকে চৰকাৰৰ এই আঁচনিৰ অপব্যৱহাৰ কৰি দুখীয়া শ্ৰমিকক বাৰম্বাৰ প্ৰৱঞ্চনা কৰা দেখা গৈছে (Scam in beneficiary scheme) ৷

শেহতীয়াকৈ, আমগুৰিৰ গৌৰীসাগৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনৰ চাৰিং গাঁও পঞ্চায়তৰ বিৰুদ্ধে জবকাৰ্ডৰ গৰাকী এনে চৰম প্ৰৱঞ্চনা কৰাৰ এক অভিযোগ উত্থাপিত হৈছে (MGNREGA scam in Amguri)। অভিযোগ অনুসৰি, পঞ্চায়তখনৰ এম জি এনৰেগাৰ অধীনৰ 'বৰতোলা জান' নামৰ এটা জানৰ খনন আৰু পৰিস্কাৰ কৰণৰ বাবদ আৱণ্টন হৈছিল ৩,৪১,৮৬৩.২০ টকা ৷

চাৰিঙত জবকাৰ্ড হিতাধিকাৰীক চৰম প্ৰৱঞ্চনাৰ অভিযোগ

কিন্তু এই ধনৰ ব্যয়ৰ সলনি আঁচনিৰ কামত জবকাৰ্ডৰ শ্ৰমিক ব্যৱহাৰৰ পৰিৱৰ্তে এক্সেভেটৰ, ট্ৰাক আদি ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত এতিয়া প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰীসকল ৷ কেৱল সিমানে নহয়, ইয়াৰ উপৰিও এই জানটোৰ পৰা খনন কৰা মাটি পাৰ নিৰ্মাণত ব্যৱহাৰ নকৰি ট্ৰাকযোগে স্থানীয় এলেকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

পঞ্চায়তখনৰ সভাপতিয়ে বন বিভাগৰ অলক্ষিতে স্থানীয় একাংশ মাটি ব্যৱসায়ীৰ সৈতে লগ হৈ এম জি এনৰেগা আঁচনিক ভৰিৰে মোহাৰি এনেদৰে লুণ্ঠন চলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (MGNREGA scam allegation against panchayt in Amguri) ।

বিষয় সন্দৰ্ভত গৌৰীসাগৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ লগতে শিৱসাগৰ জিলাৰ বন বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক :বিধানসভাত যি হ’ল হ’ল, পৌৰসভাৰ বাবে সাজু লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details