অসম

assam

By

Published : Apr 22, 2019, 7:45 PM IST

ETV Bharat / state

শিৱসাগৰত স্থাপন হ'ব পাঁচগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতিমূৰ্তি

শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ শোভাবৰ্ধন কৰিব পাঁচগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতিমূৰ্তিয়ে । জিলা সাহিত্য সভাৰ উদ্যোগত উদ্যানখনত স্থাপন কৰা হ'ব প্ৰতিমূৰ্তিকেইটা ৷

পাঁচগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতিমূৰ্তি

শিৱসাগৰ, 22 এপ্ৰিলঃ শিৱসাগৰ জিলা সাহিত্য সভাই পাঁচগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতিমূৰ্তি স্থাপন কৰিব শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত ।ঐতিহাসিক জেৰেঙাপথাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন থলীত শোভাবৰ্ধন কৰা সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, সুধাকণ্ঠ ড0 ভূপেন হাজৰিকা আৰু ড0 মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তি স্থাপন হ'ব লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত ।

পাঁচগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতিমূৰ্তি

শতবৰ্ষীয় অধিৱেশনৰ পাচতে জেৰেঙাপথাৰৰ পৰা আনি শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকাৰ তত্বাৱধানত তেওঁৰ বাসগৃহত ৰখা প্ৰতিমূৰ্ত্তি কেইভাগি শিৱসাগৰ জিলা সাহিত্য সভাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত স্থাপন কৰাৰ উদ্দেশ্যে দেওবাৰে স্থানান্তৰ কৰে । সাহিত্য সভাৰ হৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য যোগ গগৈয়ে পঞ্চ প্ৰতিমূৰ্তিৰ আশ্ৰয়দাতা সোমেশ ডেকাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আগন্তুক ২ মে'ত প্ৰতিমূৰ্ত্তি কেইটা উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details