অসম

assam

By

Published : Dec 2, 2021, 9:35 PM IST

ETV Bharat / state

Pijush Hazarika Visits Lenga : উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন কৰে(Pijush Hazarika visits Lenga ring bandh) । মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, অহা ডেৰ মাহৰ ভিতৰত ৰাজ্যৰ মথাউৰিৰ ৭০০ কিলোমিটাৰ পকীকৰণৰ কাম আৰম্ভ হ'ব ।

Water Resource Minister Pijush Hazarika visits Lenga ring bandh today
উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বাইহাটা, ২ ডিচেম্বৰ: পৰৱৰ্তী ৪ বছৰ ৬ মাহৰ ভিতৰত অসমৰ বানপানী সমস্যা ৮০ শতাংশ হ্ৰাস কৰিব পৰা যাব(Pijush Hazarika on Assam Flood issue) । অহা ডেৰ মাহৰ ভিতৰত ৰাজ্যৰ মথাউৰিৰ ৭০০ কিলোমিটাৰ পকীকৰণৰ কাম আৰম্ভ হ'ব । ৰাজ্যত নতুনকৈ আৰম্ভ কৰা হ'ব তিনিশ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম । বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন কৰি এই মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই(Water Resource Minister Pijush Hazarika in Lenga) ।

ৰাজ্যৰ মথাউৰিবোৰ সবলীকৰণৰ কৰাৰ লগতে নতুন মথাউৰি নিৰ্মাণ কৰি অসমৰ বানপানী সমস্যা (Flood and erosion problem in Assam) ৮০ শতাংশ ৰোধ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । অহা পোন্ধৰ দিনৰ ভিতৰত নিবিদা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, শীঘ্ৰেই ৰাজ্যৰ মথাউৰিৰ সাতশ কিলোমিটাৰ পকীকৰণৰ কাম আৰম্ভ কৰা হ'ব । উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শনৰ লগতে তেওঁ আজি লেঙা-দীৰ্ঘেশ্বৰী সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ বৰ্তমানৰ অৱস্থাৰো বুজ লয়(Minister Pijush Hazarika visits Lenga ring bandh) ।

উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

তেওঁৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ অ এছ ডি হেমন্ত চৌধুৰী, জলসম্পদ বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান, সহকাৰী কাৰ্যবাহী অভিযন্তা ভাৰত ভুষণ শৰ্মাকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে বিভাগীয় বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈছিল । তেওঁ এই বৈঠকতে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰিব লাগিব জলসম্পদ বিভাগৰ সকলো কাম : Minister Pijush Hazarika

For All Latest Updates

ABOUT THE AUTHOR

...view details