অসম

assam

ETV Bharat / state

বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক

AJYCP নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বাঁহজানী আঞ্চলিক সমিতিয়ে বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে কা আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক । ইফালে, সংগঠনৰ নেতৃত্বই কা' আমি নামানো , কা' বাতিল হ'বই আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

By

Published : Dec 11, 2020, 5:46 PM IST

the-five-saheedes-were-remembered-at-nalbari
বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক

নলবাৰী, 11 ডিচেম্বৰ : ইতিমধ্য অসমীয়াই স্পষ্ট কৰি দিছে যে নাগৰিকত্ব সংশোধিত আইন 2019 অসমীয়া ৰাইজে মানি নলয় ৷ যোৱা বছৰৰ কা' আন্দোলনৰ পঞ্চ শ্বহীদক নলবাৰীত ব্যতিক্ৰম ভাৱে সোঁৱৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ৷

AJYCP নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বাঁহজানী আঞ্চলিক সমিতিয়ে বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে কা আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক । বাঁহজানী আঞ্চলিক সমিতিৰ বিভিন্ন বিষয়ববীয়াই এই ভাস্কৰ্য বনাই শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । উল্লেখ্য় যে, নলবাৰী জিলাৰ পাগলদিয়া নৈৰ বুকুত অংকন কৰিলে এই বলুকা ভাস্কৰ্য ৷

বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক

ইফালে, সংগঠনৰ নেতৃত্বই কা' আমি নামানো , কা' বাতিল হ'বই লাগিব আদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালভাৱে কা' বাতিল নোহোৱা পৰ্যন্ত এই কা' আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদস্থলীৰ পৰাই সকিয়াই দিয়ে প্ৰতিবাদী জনতাই ৷

লগতে পঢ়ক:CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

ABOUT THE AUTHOR

...view details