নলবাৰী, ৩০ অক্টোবৰ:নলবাৰীৰ ক্ৰীড়া প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নলবাৰীৰ সন্তান নেমিচান্দ জৈনে তেওঁৰ পিতৃ মূলচান্দ জৈন আৰু মাতৃ কাঞ্চন দেৱী জৈনৰ নামত নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে দাতাগৰাকীয়ে । এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত দাতা নেমিচান্দ জৈনক তেওঁৰ নলবাৰীৰ ঘৰৰ পৰা আদৰি নিয়া হয় । কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ক্ৰীড়া প্ৰকল্পটোৰ উদ্বোধনী উপলক্ষে আয়োজিত সভাত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পল্লৱলোচন দাস, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখ্য যে ১৯৭০ চনত উক্ত বিদ্যালয়খনৰ পৰা জয়পুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নলবাৰীৰ সন্তান নেমিচান্দ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । পৰৱৰ্তী সময়ত তেওঁ ৰাজস্থানলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰি সফল ব্যৱসায়ীৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে নলবাৰী চহৰস্থিত দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ এক বৃহদাকাৰৰ পিটনী সদৃশ হৈ থকাৰ কথা জানিব পাৰি নেমিচান্দ জৈনে উক্ত স্থানত আটক ধুনীয়া ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াই বিদ্যালয় কৰ্তৃপক্ষক ।