অসম

assam

ETV Bharat / state

মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

পুনৰ ৰাজ্যত আক্ৰমণৰ বলি হ’ল সাংবাদিক ৷ মুকালমুৱাৰ দৈনিক অসম কাকতৰ সাংবাদিক ৰাজেন ডেকাক কোনো দুৰ্বৃত্তই নিশাৰ আন্ধাৰ সুযোগ গ্ৰহণ কৰি উপৰ্যুপৰি আক্ৰমণ কৰে ৷ বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন ৰাজেন ডেকা ৷

মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

By

Published : Apr 26, 2019, 8:26 AM IST

নলবাৰী,26 এপ্ৰিলঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান নলবাৰী জিলাৰ মুকালমুৱা ৷ বৃহস্পতিবাৰে নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি কোনো দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ চলাই দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক ৷ উল্লেখ্য যে, অচেতন অৱস্থাত পেলাই থৈ যোৱা সাংবাদিক গৰাকীক নিশাই মুকালমুৱাৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি তথা সাংবাদিক ৰাজেন ডেকাৰ এই আক্ৰমণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো দুৰ্বৃত্ত চিনাক্তকৰণ হোৱা নাই ৷

মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

ABOUT THE AUTHOR

...view details