অসম

assam

By

Published : Mar 28, 2021, 10:29 PM IST

ETV Bharat / state

বিজেপিৰ ভেটিত কঁপনি তুলি নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ বিশাল ৰেলী

দেওবাৰে বিজেপিৰ ভেটিত কঁপনি তুলি চমক সৃষ্টি কৰিলে নলবাৰীৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাই ৷ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ভূঞাৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক ৷

বিজেপিৰ ভেটিত কঁপনি তুলি নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ বিশাল ৰেলী
বিজেপিৰ ভেটিত কঁপনি তুলি নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ বিশাল ৰেলী

নলবাৰী,28 মাৰ্চ:নলবাৰীত বিজেপিৰ ভেটিত কঁপনি তুলি দেওবাৰে চমক সৃষ্টি কৰিলে নলবাৰীৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাই ৷ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ভূঞাৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক ৷ নলবাৰী কলেজ খেলপথাৰৰ পৰা উলিওৱা এই পদযাত্ৰাত সমষ্টিটোৰ কেইবাহাজাৰ কংগ্ৰেছ কৰ্মী, ৰাইজ তথা সাংসদ গৌৰৱ গগৈ সহ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভানেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ মুখপাত্ৰ অলকা লম্বায়ো অংশ গ্ৰহণ কৰে ।

বিজেপিৰ ভেটিত কঁপনি তুলি নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ বিশাল ৰেলী

পদযাত্ৰাৰ প্ৰাক ক্ষনত ষ্টাৰ কেম্পেইনাৰ তথা সাংসদ গৌৰৱ গগৈয়ে পদযাত্ৰাত অংশ লোৱা মহিলা সকলৰ সৈতে নাচি বাগি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ইফালে, এই বৃহৎ পদযাত্ৰাৰ কাৰ্যসূচীয়ে শংকিত কৰি তুলিছে বিজেপি শিবিৰত ৷

বিজেপিৰ ভেটিত কঁপনি তুলি নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ বিশাল ৰেলী

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সাংসদ গৌৰব গগৈয়ে কয়, কংগ্ৰেছ মহাজোঁটে প্ৰথম পৰ্যায়ত হৈ যোৱা নিৰ্বাচনত ৪০ খন আসন লাভ কৰিব ৷ শনিবাৰৰ এই বিশাল পদযাত্ৰাই বিজেপি দলক শলঠেকত পেলোৱা বুলি উল্লেখ কৰে গগৈয়ে ৷

লগতে পঢ়ক:ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details