অসম

assam

ETV Bharat / state

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন !

বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন । লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে পেলনীয়া প্লাষ্টিকৰ পৰাই প্ৰস্তুত কৰিছে ইন্ধন ৷ এই ইন্ধনেৰে চলাব পাৰি বিভিন্ন যান-বাহন ৷

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন !

By

Published : May 21, 2019, 8:35 PM IST

নলবাৰী,২১ মে' : বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন । লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে পেলনীয়া প্লাষ্টিকৰ পৰাই প্ৰস্তুত কৰিছে ইন্ধন ৷ এই ইন্ধনেৰে চলাব পাৰি বিভিন্ন যান-বাহন ৷এটা বন্ধ ড্ৰামত প্লাষ্টিকসমূহ ভৰাই তপতাই লৈ তেওঁ সাজি উলিওৱা পদ্ধতিৰে পেট্ৰ'ল,ডিজেল,কেৰাচিন,কাৰ্বন গেছ আদি প্ৰস্তুত কৰে । এই ইন্ধনসমূহ পৰীক্ষামূলকভাৱে স্থানীয় যুৱকসকলে বাইক-টেম্প' আদিত ব্যৱহাৰ কৰিছে ।উল্লেখযোগ্য যে কাঠমিস্ত্ৰী খুৰছেদে নেপালত এনেদৰে প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰা দেখিছিল আৰু তাৰ পৰাই কিছু জ্ঞান আহৰণ কৰি নিজা প্ৰচেষ্টাৰে এনেদৰে ইন্ধন প্ৰস্তুত কৰিছে ।

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন !

খুৰছেদে কেনেদৰে ইন্ধন প্ৰস্তুত কৰিছে সেই দৃশ্য চাবলৈ খুৰছেদৰ ঘৰত ভিৰ কৰিছেহি অসংখ্য লোকে ।এগৰাকী সাধাৰণ কাঠমিস্ত্ৰীৰ এই অভিনৱ চিন্তাক প্ৰশাংসা কৰিছে স্থানীয় ৰাইজে ৷ সকলোৰে আশা-চৰকাৰী সাহায্য তথা বিজ্ঞ লোকৰ পৰামৰ্শ পালে খুৰছেদৰ উদ্ভাৱনে লাভ কৰিব নতুন গতি ৷

ABOUT THE AUTHOR

...view details