নলবাৰী,14 মাৰ্চঃ পৰিৱৰ্তনৰ লক্ষ্যৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ নমুনা পৰিলক্ষিত হ’ল নলবাৰীত । নলবাৰীত অৱস্থিত এখন জৰাজীৰ্ণ পশু চিকিৎসালয় দেখিলে সকলোৰে চকু কপালত উঠিব । নলবাৰীৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা, জহি-খহি গৈছে সকলো ৷ চিকিৎসালয়ত নাই কোনো সু-ব্যৱস্থা । তদুপৰি চিকিৎসালয়খনৰ নামতহে আছে গৃহ, নাই কোনো বেৰ, নাই কোনো সা-সুবিধা ।
নলবাৰীত ভূত বাংলাত পৰিণত ৰাজ্যিক পশু চিকিৎসালয়
নলবাৰীৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাই সকলোৰে চকু কপালত তুলিছে ৷ চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থাই টলাব পৰা নাই স্থানীয় জন প্ৰতিনিধিক ৷
উল্লেখ্য যে, বৃহত্তৰ অময়াপুৰ অঞ্চলত অৱস্থিত এই ৰাজ্যিক চিকিৎসালয়খনৰ অৱস্থাৰ কথা আজিলৈকে কোনো নেতা-মন্ত্ৰীৰ চকুত পৰা নাই । ফলত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ পশুধনসমূহ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, চিকিৎসালয়খন অগপ চৰকাৰৰ দিনত স্থাপিত হৈছিল যদিয়ো আজিকোপতি হোৱা নাই কোনো উন্নয়ন । চিকিৎসালয় গৃহৰ পূৰ্বৰ ঘৰটোৰ লগত সংলগ্ন আবাসগৃহটোৰ অৱস্থা বৰ্তমান তথৈবচ ৷ সম্প্ৰতি পশু চিকিৎসালয়খনৰ চৌহদতো পৰিণত হৈছে জুৱাৰ আড্ডাস্থলীলৈ ৷ নিতৌ নিশা চৌহদটোত চলে সুৰাৰ আড্ডা । আনহাতে, চিকিৎসালয়খনত থকা কৰ্মচাৰীসমূহ নিতৌ কাৰ্যালয়লৈ আহে যদিও চিকিৎসালয়খনত বহিবলৈ নাই কোনো সু-ব্যৱস্থা ।
লগতে চাওকঃনলবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত বৃহৎ কেলেংকাৰী