অসম

assam

নলবাৰীত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বৰ্ধনা

By

Published : Oct 13, 2020, 11:21 PM IST

সাংসদ গৰাকীক আদৰাৰ বাবে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ বিজেপিৰ পৰা উষ্ম আদৰণি জনায়। সাংসদ গৰাকীয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে গৃহ জিলা নলবাৰীত উপস্থিত হয়।

mp-dilip-saikia-welcomed-by-bjp-at-nalbari
নলবাৰীত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াক সম্বৰ্ধনা

নলবাৰী, 13 অক্টোবৰ : মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা নলবাৰীৰ সন্তান দিলীপ শইকীয়াক মঙলবাৰে নলবাৰীত উষ্ম আদৰণি জনোৱা হয় । নলবাৰীৰ সীমান্তৰ পৰা এক বিশাল ৰেলী নলবাৰীৰ নাট্যমন্দিৰলৈ ঢোলে দগৰে আদৰি আনে বিজেপিৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক। সাংসদ গৰাকীক আদৰাৰ বাবে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ বিজেপিৰ পৰা উষ্ম আদৰণি জনায়। সাংসদ গৰাকীয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে গৃহ জিলা নলবাৰীত উপস্থিত হয়।

নলবাৰীত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াক সম্বৰ্ধনা

নলবাৰী নাট্যমন্দিৰত আয়োজন কৰা এই অনুষ্ঠানত সাংসদ গৰাকীক গামোচা, জাপি, ফুলৰ মালা, সম্বৰ্ধনা প্ৰত্ৰৰে সন্মান জনায় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে নলবাৰীৰ স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিজেপি কৰ্মীয়ে ৷

লগতে পঢ়ক: এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details