অসম

assam

By

Published : Aug 22, 2019, 2:31 AM IST

ETV Bharat / state

নলবাৰীত কংগ্ৰেছ নেতাৰ বিজেপি গমন

জ্ঞানদীপ কলিতা আৰু নৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত বিশ জনতকৈও অধিক যুৱ কংগ্ৰেছীৰ বিজেপিত যোগদান ৷ কংগ্ৰেছ ইতিহাস হোৱাৰ পথত বুলি মন্তব্য প্ৰাক্তন কংগ্ৰেছীৰ

নলবাৰীত কংগ্ৰেছ নেতাৰ বিজেপি গমন

নলবাৰীত কংগ্ৰেছ নেতাৰ বিজেপি গমন

নলবাৰী, 22 আগষ্ট : ৰাজ্যজুৰি অব্যাহত আছে কংগ্ৰেছ দলত খহনীয়া ৷ বুধবাৰে নলবাৰী জিলা যুৱ কংগ্ৰেছৰ বিশ গৰাকীতকৈও অধিক নেতা কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন । নলবাৰী বিধানসভা যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদীপ কলিতা আৰু নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত বিশ জনতকৈও অধিক যুৱ কংগ্ৰেছীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিজেপিত যোগদান কৰিয়েই প্ৰাক্তন কংগ্ৰেছী জ্ঞানদীপ কলিতাই কংগ্ৰেছ নেতৃত্বই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি অহা বুলি অভিযোগ তুলি ক্ষোভ উজাৰে। আনহাতে, আন এজন প্ৰাক্তন কংগ্ৰেছী নৱ তালুকদাৰে আহি থকা দিনবোৰত কংগ্ৰেছ ইতিহাস হোৱাৰ পথত বুলি মন্তব্য কৰে । যোগদানকাৰী ন-বিজেপি আটাইকেইজনকে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই দললৈ উষ্ম আদৰণি জনায় ।

ABOUT THE AUTHOR

...view details