নলবাৰী,1 ফেব্ৰুৱাৰী: নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয় 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা' ৷ বিশিষ্ট বাঁহীবাদক তথা লোক-সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ বাসিন্দা হৰেকৃষ্ণ তালুকদাৰক প্ৰদান কৰা হয় 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা' ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে বিশিষ্ট বাঁহীবাদক গৰাকীক প্ৰদান কৰে এই বঁটা ৷ এই বঁটাত আছে নগদ ধন,জাপি,ফুলাম গামোচা আৰু এখন স্মাৰক পত্ৰ ৷ বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে লোক-সংস্কৃতিৰ সাধক হৰেকৃষ্ণ তালুকদাৰ ৷
উল্লেখ্য যে,নলবাৰী জিলা ছাত্ৰ সন্থাই 2009 চনৰে পৰা প্ৰতি বছৰে অসমৰ লোক সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে লোক সংস্কৃতিৰ সাধক, সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোহন ভাইৰাৰ নামত 'মোহন ভাইৰা বঁটা' ৷ 2009 চনৰ পৰা প্ৰতি বছৰে একাদিক্ৰমে এই বঁটা লাভ কৰিছে প্ৰভা দত্ত তামূলী,সীতা ৰাম ৰায়, মুক্তাৰাম বৰুৱাওজা,মাণিক শইকীয়া ওজা,ৰূহিন ৰাভা,দ্বিজেন গগৈ,প্ৰভাত শৰ্মা,হৰি বৰবায়ন,ৰামচৰণ ভড়ালী আৰু লোকনাথ কুটুমে ৷