অসম

assam

ETV Bharat / state

Operation against Child marriage: নলবাৰীত বাল্য বিবাহ বিৰোধী অভিযান ২৯ জনকৈ স্বামীক আটক

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে ৰাজ্যত আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান ৷ নলবাৰী জিলাত চলোৱা বাল্য বিবাহ বিৰোধী অভিযান কালত এটা নিশাতে ২৯ জনকৈ স্বামীক আটক কৰিলে আৰক্ষীয়ে (Mission against child marriage in Nalbari)

Etv Bharat
Etv Bharat

By

Published : Feb 3, 2023, 11:28 AM IST

নলবাৰীত ২৯ জনকৈ স্বামীক আটক

নলবাৰী, 3 ফেব্ৰুৱাৰী :ৰাজ্যত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam)৷ সামাজিক ব্যাধি বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Operation against Child marriage) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা প্ৰদানৰ পিচতেই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷

নাবালিকাক বিয়া পতা স্বামীৰ লগতে পৰিয়াল তথা সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িতসকলৰ বিৰুদ্ধে ৰাজ্যখনৰ আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীতো বৃহস্পতিবাৰৰ পৰা চলিল বাল্য বিবাহ বিৰোধী অভিযান । বৃহস্পতিবাৰে নিশা ৰাজ্যৰ প্ৰতিখন থানা, আৰক্ষী চকীৰ আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলোৱা পৰিলক্ষিত হ’ল ৷ নিশা বিভিন্ন গোটত ভাগ হৈ চলোৱা এই অভিযানত আৰক্ষীয়ে কেইবাগৰাকীও বেআইনী স্বামীৰ লগতে বাল্য বিবাহৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷

বাল্য বিবাহ বিৰোধী অভিযানত নলবাৰী জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে বতৰ্মানলৈ আটক কৰিবলৈ সক্ষম হৈছে ২৯ জনকৈ লোকক । সুৰাদীৰ আলীম আলীৰ পুত্ৰ ইনতাজ আলী, দিপ্তাৰ কৰিম আলীৰ পুত্ৰ কামাল আলী, গফুৰ আলীৰ পিতা পইনুৰ আলীক আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান কালত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ পশ্চিম সুৰাদীৰ মহিদুল আলী বৰ্তমান(পলাতক)। ইয়াৰ লগতে, কাচিমপুৰৰ মজাহাৰ ইছলাম, আখতাৰ আলীৰ পুত্ৰ মনোৱাৰ হুছেইন, জয়মঙলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

বৃহস্পতিবাৰৰ নিশা আৰক্ষীয়ে মুকালমুৱাৰ পৰা ১৪ জন, টিহুৰ পৰা ২ জন, বেলশৰৰ পৰা ২ জন, ঘগ্ৰাপাৰৰ পৰা ২ জন, নলবাৰী সদৰৰ পৰা ৯ জন লোকসহ মুঠ ২৯ জন লোকক পৃথকে পৃথকে অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় ।

জিলাখনত ১৭১ গৰাকী লোক বাল্য বিবাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে লাভ কৰিছে তথ্য ৷ বাল্য বিবাহৰ সৈতে জড়িত জিলাখনৰ মুঠ ১৭১ গৰাকী লোকক আটক নকৰা পৰ্যন্ত আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জিলাখনৰ আৰক্ষীৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতিযোগে বাল্য বিবাহ সন্দৰ্ভত আগবঢ়ায় উদ্বেগজনক তথ্য ৷ বিগত 9 দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে 4004 টা গোচৰ ৰুজু হৈছে বুলি তথ্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (Mission against child marriage in Assam)৷ অসমত বছৰি কমেও 50 হাজাৰ বাল্যবিবাহ হয় । ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তৎপৰ হৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ অসমৰ পৰা বাল্য বিবাহৰ প্ৰথা নোহোৱা কৰিবলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জিলা প্ৰশাসন তথা আৰক্ষীক কঠোৰ অভিযান চলাবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Operation against Child marriage: বাল্যবিবাহৰ লগত জড়িত স্বামীক ধৰিবলৈ তৎপৰ মৰিগাঁও আৰক্ষী

ABOUT THE AUTHOR

...view details