অসম

assam

By

Published : Jun 15, 2022, 5:41 PM IST

ETV Bharat / state

Artificial flood in Nalbari: নলবাৰীত কৃত্ৰিম বানত স্তব্ধ জনজীৱন

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কৱলত নলবাৰী চহৰ(Artificial floods in Nalbari Town) । ফলত পানীৰ মাজত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন ।

artificial-flood-in-nalbari
Artificial flood in Nalbari: নলবাৰীত কৃত্ৰিম বানত স্তব্ধ জনজীৱন

নলবাৰী, 15 জুন :কৃত্ৰিম বানৰ কৱলত নলবাৰী চহৰ(Artificial floods in Nalbari Town) । এতিয়া পানীৰ তলত চহৰখনৰ অধিকাংশ অঞ্চল । তাৰোপৰি নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন । একঁকাল পৰ্যন্ত হোৱা কৃত্ৰিম বানত ককবকাঁইছে জনতাই ৷ ইফালে পানী সোমাই পথৰ মাজতে বিকল হৈ পৰিছে মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ ইঞ্জিন । ইফালে পৌৰনিগমৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নগৰখনৰ জনতা ।

Artificial flood in Nalbari: নলবাৰীত কৃত্ৰিম বানত স্তব্ধ জনজীৱন

শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী চহৰতো সৃষ্টি হৈছে কৃত্ৰিম বানৰ (Incessant rainfall brings artificial floods) ৷ ফলত সাধাৰণ ৰাইজে ভোগিব লগা হৈছে দুৰ্ভোগ ৷ চহৰখনৰ পথ-উপপথ, নলা-নৰ্দমা একাকাৰ কৰি চৌদিশে কেৱল পানী আৰু পানী । চহৰখনৰ মুখ্য পথসমূহ যেনে হাজো-নলবাৰী পথ, পি এন চি পথ, কলেজ পথ, পল্লা পথ, বৰমা পথ, দেৱীৰাম পথকে আদি কৰি সকলো পথতেই এতিয়া একাঁঠু পৰ্যন্ত পানী ।

নলবাৰীত কৃত্ৰিম বানত স্তব্ধ জনজীৱন

আনহাতে, চহৰখনৰ বিভিন্ন স্থানত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহতো পানী সোমোৱাৰ ফলত ব্যৱসায়ীসকলে বন্ধ ৰাখিব লগা হৈছে এই প্ৰতিষ্ঠানসমূহ । মুঠৰ ওপৰত কৃত্ৰিম বানৰ কৱলত পৰি এতিয়া হাবু ডাবু খাইছে নলবাৰী চহৰবাসীয়ে ৷ ইফালে নলবাৰী পৌৰসভাৰ অকৰ্মাণ্যতাৰ ফলতে এনেদৰে চহৰখনৰ ৰাইজে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বুলি অভিযোগ কৰিছে চহৰখনৰ অধিকাংশ ৰাইজে ৷

লগতে পঢ়ক :বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ ভূপেন বৰা

ABOUT THE AUTHOR

...view details