নলবাৰী,9 ছেপ্টেম্বৰ : শৰতৰ বাটেৰে ঋতুৰাণী শৰত নামি আহিছে,শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত বিগত সময়বোৰত এই সময়ছোৱাত এক উচৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু বিগত সময়বোৰৰ দৰে এইবাৰ কোনোধৰণৰ প্ৰস্তুতি নাই পূজা মণ্ডপ সমূহত ৷ দূৰ্গাপূজাৰ এক পৌৰাণিক প্ৰথা বলি বিধান ৷ বলি বিধান বুলি কলেই বাতৰিৰ শিৰোনামা দখল কৰা নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ নাম শীৰ্ষত জিলিকি ৰয়৷ কিন্তু এইবাৰ ক’ৰণা মহামাৰীৰ বাবেই এই দেৱালয়ত বিশেষ প্ৰস্তুতি নাই । এইবাৰ জাক-জমকতা অবিহনেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব সমাগত দুৰ্গাপূজা ৷
এইবাৰ দুৰ্গোৎসৱৰ উচাহ নাই বিল্বেশ্বৰ দেৱালয়ত
বিগত সময়বোৰৰ দৰে এইবাৰ কোনোধৰণৰ প্ৰস্তুতি নাই পূজা মণ্ডপ সমূহত ৷ দূৰ্গাপূজাৰ এক পৌৰাণিক প্ৰথা বলি বিধান ৷ বলি বিধান বুলি ক'লেই বাতৰিৰ শিৰোনামা দখল কৰা নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ নাম শীৰ্ষত জিলিকি ৰয়৷ কিন্তু এইবাৰ ক’ৰণা মহামাৰীৰ বাবেই এই দেৱালয়ত বিশেষ প্ৰস্তুতি নাই ।
উল্লেখ্য যে,ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা এই দেৱালয়খনত প্ৰতি বছৰে অতি ধুমধামৰে আয়োজন কৰা হয় দুৰ্গাপূজা । বৈদিক ৰীতি নীতিৰে প্ৰতিপদৰ পৰা দহ দিনীয়াকৈ আয়োজন হোৱা এইখন পূজাখনত কোনো ধৰণৰ মূৰ্তি নাথাকে ।মুৰ্তিৰ সলনি ৰাম কলগছকেই দেৱী সজাই বছৰ বছৰ ধৰি পূজা অৰ্চনা চলাই আহিছে ।ইয়াৰোপৰি এই পূজাখনৰ অন্য এক আকৰ্ষণ হৈছে বলি বিধান । প্ৰতিবছৰে নৱমী পূজাৰ দিনা মহ বলি দিয়া হয় দেৱালয়খনত।কিন্তু এইবাৰ বিশ্বত ক’ৰণা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ বাবেই দেৱালয় খনত পূৰ্বৰ দৰে জাক জমকতা নাথাকিব ৷ কেৱলমাত্ৰ নীতি -নিয়মখিনিৰেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব দুৰ্গা পূজা।
লগতে চাওকঃ অসমৰ ভূমিত অব্যাহত নগাৰ অবাধ আগ্ৰাসন