নলবাৰী, 25 মে': ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ৷ আটক হৈছে ইজনৰ পিছত আনজন ড্ৰাগছ সৰবৰাহকাৰী ৷
এইবাৰ নলবাৰীত আৰক্ষীৰ অভিযানত ধৰা পৰিল ড্ৰাগছ সৰবৰাহকাৰী ৷ নলবাৰী চহৰৰ সোনপুৰৰ নিজ ঘৰৰ পৰা তিনিটা ব্ৰাউন চুগাৰৰ কন্টেনাৰ সহ আৰক্ষীয়ে আটক কৰে বিদ্যুত দাস ওৰফে ৰাজা নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক ৷