অসম

assam

ETV Bharat / state

SMK Civil Hospital : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় মেডিকেল কলেজৰে সংলগ্নকৰণৰ সন্দৰ্ভত আলোচনা - মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়(SMK Civil Hospital) নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ(Nalbari medical college) সৈতে সংলগ্নৰ সন্দৰ্ভত বৃহস্পতিবাৰে নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে বহিল নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সচেতন নাগৰিক সমাজকে ধৰি একৈশটাকৈ দল সংগঠন ।

Etv Bharat
Etv Bharat

By

Published : Dec 29, 2022, 10:12 PM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় মেডিকেল কলেজৰে সংলগ্নকৰণৰ সন্দৰ্ভত আলোচনা

নলবাৰী, ২৯ ডিচেম্বৰ : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সংলগ্নকৰণৰ সন্দৰ্ভত বৃহস্পতিবাৰে নলবাৰীত আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে একৈশটাকৈ দল-সংগঠন বহিল আলোচনাত (Discussion on Nalbari medical college)।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সচেতন নাগৰিক সমাজকে ধৰি একৈশটাকৈ সংগঠনৰে জিলা উপায়ুক্তৰ উপস্থিতিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে সম্পন্ন হয় আলোচনা । আলোচনাকালত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই(Minister Jayanta Malla Baruah) শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন উঠি নাযায় বুলি ঘোষণা কৰি চিকিৎসালয়খন চিটি চেন্টাৰ হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে ।

আনহাতে তেওঁ বৰ্তমানৰ চিভিল হাস্পতালখন(Swahid Mukunda Kakati Civil Hospital) পঞ্চাশখন বিছনাযুক্ত কৰা হ'ব বুলি মন্তব্য কৰি টাটাৰ উদ্যোগত একে চৌহদত কেঞ্চাৰ হাস্পতাল স্থাপন কৰা হ'ব বুলিও জনায় । আনহাতে চিকিৎসালয়খনৰ পৰা মাতৃ আৰু শিশু বিভাগৰ লগতে প্ৰশাসনিক দিশটো নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰাটো নিয়মৰ ভিতৰত পৰে বুলি মন্তব্য কৰে । ইফালে আলোচনাকালত দল-সংগঠনসমূহে নিজৰ স্থিতিত অটল থাকে ।

দল-সংগঠনৰ প্ৰতিনিধি সকলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ক(Nalbari medical college) আদৰণি জনাই নলবাৰী চিভিল হাস্পতালখন((Nalbari medical college) পূৰ্বতকৈ অধিক উন্নত কৰা, ৰোগীৰ বাবে পৰ্যাপ্ত সুবিধাৰ ব্যৱস্থা কৰা, দুশখন বিছনাযুক্ত ব্যৱস্থাকে বাহাল ৰখা আদি বিভিন্ন দাবীৰ সমৰ্থনত অটল থাকে । প্ৰায় তিনিঘন্টা ধৰি চলা বৈঠকখনৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি মন্তব্য কৰাৰ বিপৰীতে দল-সংগঠনৰ প্ৰতিনিধি সকলে নিজৰ স্থিতিত অটল থকা বুলি দোহাৰে ।

লগতে পঢ়ক:Govt. instructions for Picnic: বনভোজকাৰীয়ে মানিব লাগিব ১৭ টা নিয়ম

ABOUT THE AUTHOR

...view details