অসম

assam

ETV Bharat / state

কৃষক বিৰোধী আইন বাতিলৰ দাবীত নলবাৰীত প্ৰতিবাদ

নলবাৰী সদৰ থানাৰ সন্মুখত প্ৰতিবাদ । চি আই টি ইউৰ প্ৰতিবাদ । কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে কৰা এই প্ৰতিবাদত চি আই টি ইউ,অসম ৰাজ্যিক কৃষক সভা,এছ এফ আই,ডি আই এফ আই এ প্ৰতিবাদ সাব্যস্ত কৰে ।

By

Published : Jan 7, 2021, 4:32 PM IST

নলবাৰী সদৰ থানাৰ সন্মুখত  চি আই টি ইউৰ প্ৰতিবাদ
নলবাৰী সদৰ থানাৰ সন্মুখত চি আই টি ইউৰ প্ৰতিবাদ

নলবাৰী, ৭ জানুৱাৰী: কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে নলবাৰী জিলা চেন্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ চি আই টি ইউ,অসম ৰাজ্যিক কৃষক সভা,এছ এফ আই,ডি আই এফ আই এ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক প্ৰতিবাদকাৰীয়ে কৃষক বিৰোধী আইন বাতিল কৰক আদি ভিন্ন প্ৰতিবাদী শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

নলবাৰী সদৰ থানাৰ সন্মুখত চি আই টি ইউৰ প্ৰতিবাদ

নলবাৰী চহৰৰ বাটা চকত প্ৰতিবাদকাৰীসকলে আন্দোলন কৰে যদিও নলবাৰী আৰক্ষীয়ে সদৰ থানালৈ প্ৰতিবাদকাৰীসকলক লৈ যায় । সদৰ থানাৰ সন্মুখতে প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে,কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পাচৰে পৰাই দেশৰ কৃষকসকল মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে । সেই আইনৰ বাতিলৰ দাবীৰে বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়াণাৰ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে । দিল্লী চলো কাৰ্যসূচী লৈ ৰাজধানী দিল্লী কঁপাইছে । তাৰ সমান্তৰালকৈ অসমতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: কংক্রিটৰ মহানগৰীত ভোগালীৰ প্ৰস্তুতি

For All Latest Updates

ABOUT THE AUTHOR

...view details