অসম

assam

By

Published : Jul 9, 2021, 11:30 AM IST

ETV Bharat / state

নলবাৰীৰ মুকালমুৱাত নাঁও দুৰ্ঘটনা

ক'ভিড আতংকৰ মাজতে নলবাৰীৰ মুকালমুৱা বৰতলাত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত সন্ধানহীন হৈছে স্থানীয় এজন লোক ৷ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

boat-accident-at-mukalmuwa-in-nalbari
নলবাৰীৰ মুকালমূৱাত নাও দুৰ্ঘটনা

নলবাৰী, 9 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড (Covid 19) আতংকৰ মাজতে নলবাৰীৰ মুকালমুৱা বৰতলাত সংঘটিত হৈছে এক শোকাৱহ নাঁও দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে মুকালমুৱাৰ বৰতলাত ব্ৰহ্মপুত্ৰত এখন টুলুঙা নাঁও ডুবি এগৰাকী লোক সন্ধানহীন হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা নাঁওখনত চাৰিগৰাকী লোক আছিল । ইয়াৰে কন্দৰ্প ডেকা নামৰ লোকজন বৰ্তমান সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

নলবাৰীৰ মুকালমূৱাত নাও দুৰ্ঘটনা

উল্লেখ্য যে, কন্দৰ্প ডেকাই এখন টুলুঙা নাঁৱেৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত চৰিবলৈ দিয়া গৰু, ম'হ আনিবলৈ গৈছিল ৷ লগতে গাঁওখনৰ আন তিনিগৰাকী লোকে নাঁৱেৰে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি পাৰ হ’বলৈ লওঁতেই নৈৰ মাজতে নাঁওখন ডুবি যায় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে লগৰ তিনিজনে কোনোমতে সাঁতুৰি পাৰহৈ আহে যদিও কন্দৰ্প ডেকা সন্ধানহীন হৈ পৰে ৷ স্থানীয় ৰাইজে তেওঁক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও সন্ধিয়ালৈকে কোনো শুংসূত্ৰ নাপালে ৰাইজে ৷

আনহাতে, সন্ধিয়াৰ ভাগত এছ ডি আৰ এফ (SDRF)বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰতিকুল বতৰ আৰু এন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱা নাই ৷ শুকুৰবাৰে পুৱাই উদ্ধাৰ অভিযান চলাব উদ্ধাৰকাৰী দলে ৷

লগতে পঢ়কঃমৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details