নলবাৰী, 10 জানুৱাৰী :নলবাৰীৰ এখন বিশেষ গাঁও জাপজাপকুছি ৷ ৰাজ্যৰ আন প্ৰতিখন গাঁৱৰ দৰে এই গাঁৱতো এতিয়া চলিছে ভোগালীৰ আয়োজন (Bhogali bihu preparation in Assamese village) ৷ গাঁওখনৰ প্ৰতিঘৰ মানুহ ব্যস্ত হৈ পৰিছে ভোগালী জলপান প্ৰস্তুত কৰাত৷ পিছে, অইন গাঁৱৰ দৰে কেৱলমাত্ৰ ভোগালীৰ ৰং ৰহইচতে ব্যস্ত নহয় জাপজাপকুছিবাসী ৷ ভোগালীৰ আনন্দৰ লগতে দু-পইচা অৰ্জনৰো বাট-বিচাৰি লৈছে গাঁওবাসীয়ে (Bhogali jalpan became earning source for villagers) ৷
মূলত গাঁওখনৰ উদ্যমী যুৱক মহেশ কলিতাই নিজ পৰিয়ালৰ লগতে আন দহ পোন্ধৰ গৰাকী লোককো সংস্থাপন দিছে নিজৰ উদ্যমী গুণৰ বলত ৷ গাঁওবাসীৰ সৈতে মিলি কলিতাই ভোগালী বিহুৰ প্ৰায় এমাহ আগৰ পৰা পিঠাপনা, সান্দহ, বিভিন্ন লাড়ু, নাৰিকলৰ চিৰা আদি প্ৰস্তুত কৰি খানাপাৰা বজাৰৰ লগতে ভিন্ন স্থানত বিক্ৰী কৰে ৷ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা এই পিঠা-পনাই এতিয়া বজাৰতো লাভ কৰিছে বিশেষ সমাদৰ (Village made Bhogali jalpan in markets of Guawahati) ৷