অসম

assam

ওপজা গাঁও উদয়পুৰত আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক সম্বৰ্ধনা

মঙলবাৰে উদয়পুৰ গাঁও উন্নয়ন সমিতি আৰু উদয়পুৰ যুৱ সংঘই সম্বৰ্ধনা জনায় সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক । এখন ফুলাম গামোচা,চেলেং,ফুলৰ থোপা,শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয় ছাত্ৰ নেতাগৰাকীলৈ ।

By

Published : Jan 5, 2021, 8:16 PM IST

Published : Jan 5, 2021, 8:16 PM IST

নলবাৰীৰ উদয়পুৰত আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক সম্বৰ্ধনা
নলবাৰীৰ উদয়পুৰত আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক সম্বৰ্ধনা

নলবাৰী,৫ জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক মঙলবাৰে ওপজা গাঁও নলবাৰীৰ উদয়পুৰত সম্বৰ্ধনা জনোৱা হয় । উদয়পুৰ গাওঁ উন্নয়ন সমিতি আৰু উদয়পুৰ যুৱ সংঘই এক অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত গাঁওখনৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উদয়পুৰ যুৱ সংঘৰ সম্পাদক ধীমান শৰ্মাই আঁত ধৰা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি ছাত্ৰ নেতা ভৱজিৎ বেজবৱাই কয় যে,ওপজা গাঁৱৰ ৰাইজৰ পৰা লাভ কৰা এই মৰমে অনাগত দিনত কাম কৰি যোৱাত অনুপ্ৰেৰণা যোগাব ।

ছাত্ৰ নেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্যেশ্যি কয় যে,কিতাপৰ সৈতে প্ৰতিদিনে সম্পৰ্ক ৰক্ষা কৰি চলিলেহে জ্ঞানৰ পৰিসীমা বৃদ্ধি হৈ থাকিব । নতুন বছৰটোৰ পহিলা পষেকত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কিতাপৰ উপৰিও প্ৰতিটো পষেকত অতি কমেও এখনকৈ গ্ৰন্থ অধ্যয়নৰ সংকল্প ল'বলৈ আহ্বান জনায় ।

আছুৰ কাম-কাজৰ কথা উল্লেখ কৰি তেওঁ অনাগত দিনত সকলো শ্ৰেণীৰ নাগৰিককে গঠনমূলক দিহা-পৰামৰ্শ দি জাতীয় সংগঠনটোক আগুৱাই নিবলৈ আহ্বান জনায় । সভাত গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

লগতে পঢ়ক:হোজাইত চেগুন কাঠৰ কুণ্ডাসহ কাঠ ফলা মিল জব্দ

ABOUT THE AUTHOR

...view details