অসম

assam

কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

By

Published : Aug 5, 2021, 9:47 AM IST

কলিয়াবৰ মহকুমাত ইতিমধ্যে সম্পন্ন হৈছে ক'ভিড টীকাকৰণৰ প্ৰথম পৰ্যায় । এতিয়া চলি আছে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া । মহকুমাটোত এতিয়ালৈ ৮৯,৭৪৬ গৰাকীক দিয়া হৈছে ক'ভিড প্ৰতিষেধকৰ প্ৰথম ড’জ । দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াত ১৬,৪৭৫ গৰাকীক দিয়া হৈছে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় ড’জ ।

vaccination drive
কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

কলিয়াবৰ,৫ আগষ্ট :সমগ্ৰ ভাৰতৰ লগতে অসমতো অব্যাহত আছে টীকাকৰণ অভিযান (Vaccination drive) । ডিচেম্বৰ মাহৰ ভিতৰত টীকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে দ্ৰুতগতিত চলিছে টীকাকৰণ প্ৰক্ৰিয়া । ইফালে চৰকাৰৰ স্বাস্থ্য বিভাগে অসমৰ প্ৰায় প্ৰতিখন জিলাতে যথেষ্ট সংখ্যক লোককে প্ৰতিষেধক প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে । বাকী জিলাসমূহৰ লগতে নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়া ।

জিলাখনৰ কলিয়াবৰ মহকুমাত ইতিমধ্যে সম্পন্ন হৈছে ক'ভিড টীকাকৰণৰ (Covid vaccination) প্ৰথম পৰ্যায় । এতিয়া চলি আছে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া । মহকুমাটোত এতিয়ালৈ ৮৯,৭৪৬ গৰাকীক দিয়া হৈছে ক'ভিড প্ৰতিষেধকৰ প্ৰথম ড’জ (First Dose) । দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াত ১৬,৪৭৫ গৰাকীক দিয়া হৈছে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় ড’জ (Second Dose) ।

কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

বৰ্তমানেও দৈনিক প্ৰায় ২০০০ লোকক স্বাস্থ্য বিভাগে দি আছে ক'ভিডৰ দ্বিতীয় ড’জ । ইয়াৰ মাজতে মহকুমাটোৰ বাবে আন এক ভাল খবৰ ।

তাত থকা ১৩ খন চাহ বাগিচাৰ ভিতৰত ৯ খনকৈ চাহ বাগিচা বৰ্তমান ক'ভিড মুক্ত (Covid free) বুলি জনাইছে মহকুমা প্ৰশাসনে । চাহ বাগিচা অঞ্চলত ৯২ শতাংশ লোকক ক'ভিড প্ৰতিষেধকৰ (Vaccine) প্ৰথম ড’জ প্ৰদান কৰিছে স্বাস্থ্য বিভাগে । ইতিমধ্যে, বাগিচা অঞ্চলত প্ৰতিষেধকৰ দ্বিতীয় ড’জ দিয়াও আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ।

সমান্তৰালকৈ মহকুমাটোৰ বহু ঠাইত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । এই পৰ্য‍ন্ত কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২,৮২২ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২,৭৬৪ গৰাকী ব্যক্তি । লক্ষণীয়ভাৱে কলিয়াবৰত এতিয়ালৈ ২৯ গৰাকীকৈ লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ।

লগতে পঢ়ক :উচ্ছেদ হ'ব নেকি ডুমডুমীয়া বালিসত্ৰ বজাৰ ?

ABOUT THE AUTHOR

...view details