কলিয়াবৰ,16 ছেপ্তেম্বৰ:ভাদ মাহত অসমীয়া চহা সমাজ আধ্যাত্মিক চিন্তা-চৰ্চাৰে অনুপ্ৰাণিত হ’বলৈ নিজ নিজ গাঁৱৰ নামঘৰত সমবেত হয় । বাৰিষাৰ বৰষুণৰ পাচত চৌদিশে নির্মল আৰু পৰিষ্কাৰ হৈ পৰা সুন্দৰ পৰিবেশত বৈষ্ণৱপ্ৰাণ অসমীয়াই শংকৰী সংস্কৃতি, গীত-মাত, হৰিনামৰ অমিয়া ৰস পান কৰি জীৱন ধন্য কৰে । অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰতিটো নামঘৰ, সত্ৰানুষ্ঠান সমূহ ভাদ মাহত মুখৰ হৈ পৰে নাম-কীৰ্তনৰ ধ্বনিৰে ৷
বর্তমান যান্ত্ৰিকতাৰ মাজত অতি ব্যস্ত জীৱন যাপন কৰা জনেও এই মাহত এদিনৰ বাবে হ’লেও নামঘৰলৈ যায়; এভাগ শৰাই আগবঢ়াই পৰিয়ালৰ মংগল কামনা কৰে । অসমীয়া মানুহ য’তেই নাথাকক লাগে, তাৰ পৰাই ভাদ মাহৰ আধ্যাত্মিক শক্তিৰ ওচৰত মূৰ দোঁৱাই মনৰ শান্তি বিচাৰে । ভাদ মাহ বুলিলে মনলৈ আহে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ তিথিলৈ ।
থিয় নামৰ আখৰাত ব্যস্ত কলিয়াবৰৰ বাঘৰচুক গাঁৱৰ ৰাইজ লগতে পঢ়ক:থাওৰাত সুশান্ত বৰগোঁহাই জয়ী হোৱাতো নিশ্চিত : যোগেন মহন
গুৰু দুজনাৰ অনবদ্য অৱদানৰ মহাশক্তিৰে আমি অসমীয়া জাতি চহকী হৈ আছে ।
গুৰু দুজনাৰ লগতে তেৰাসৱৰ পৰৱৰ্তী কেইবাগৰাকী বৈষ্ণৱ গুৰুৰ তিথিও এই ভাদ মাহতে পৰে । এই ভাদ মাহতে সেয়েহে গুৰুসকলক স্মৰণ কৰা হয় । তদুপৰি এই ভাদ মাহতে ভগৱান শ্ৰীকৃষ্ণৰো আৱিৰ্ভাৱ ঘটিছিল হেতু সেই পুণ্য তিথি জন্মাষ্টমীভাগ অতি ভক্তি সহকাৰে ভক্তসকলে পালন কৰে ।
লগতে পঢ়ক:কাইলৈ বিশ্বকৰ্মা পূজা...
সাধাৰণতে সত্ৰ তথা নামঘৰ সমূহত দৈনিক দুপৰীয়া আৰু সন্ধ্যা নাম প্ৰসংগ কৰা হয় ৷ এই ভাদ মাহতে বিভিন্ন প্ৰণালীৰ নাম-প্ৰসংগ কৰা হয় । বিশেষকৈ সত্ৰসমূহত পুৱা প্ৰসংগৰ পৰা গধূলি বেলালৈকে ভিন্ন প্ৰণালীৰ নামৰ প্ৰচলন আছে ।
তাৰ মাজতে কেৱল মধ্য অসমত প্ৰচলিত প্ৰায় লুপ্ত হ'বলৈ ধৰা ভাদ মাহৰ এক বিশেষ প্ৰণালীৰ নাম 'থিয় নাম' । এই ব্যতিক্ৰমী নাম কলিয়াবৰৰ বাঘৰচুক গাঁৱত ভাদ মাহত পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে । বৰ্তমান সময়ত এই নামৰ প্ৰণালীটো পূৰ্বৰ দৰেই যাতে গতিশীল কৰি তুলিব পাৰি, তাৰ বাবে বাঘৰচুকৰ গঞাই নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ দিহা কৰিছে । এই প্ৰচেষ্টা যাতে সফল হয়, তাৰ প্ৰচেষ্টাত ভাদ মাহৰ প্ৰতি সন্ধ্যা এনেদৰেই 'থিয় নাম'ৰ চৰ্চা হৈছে বাঘৰচুকত ।
লগতে পঢ়ক:বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল