অসম

assam

By

Published : Mar 17, 2021, 11:11 AM IST

Updated : Mar 17, 2021, 11:49 AM IST

ETV Bharat / state

ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে !

আন আন সমষ্টিৰ দৰে কলিয়াবৰ সমষ্টিতো বিগত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে চাহ শ্ৰমিক সকলে ৷ নিৰ্বাচন আহে, নিৰ্বাচন যায় ৷ ভাষণৰ ফুলজাৰিৰে ভোটাৰৰ মন জয় কৰি গাদী দখলৰ পাচত সমষ্টিবাসীক পাহৰি যায় ৷ তেনে দৃশ‍্য এতিয়া সুলভ হৈ পৰিছে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিতো ৷ বিগত সময়ছোৱাত জন প্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতিৰ যোগ-বিয়োগৰ আলোচনাত হতাশ আৰু ক্ষোভিত চাহ-শ্ৰমিকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে
ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে

কলিয়াবৰ,17 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাই থকাৰ সময়তে সমষ্টিয়ে-সমষ্টিয়ে জ্বলিছে ক্ষোভৰ জুই ৷ আন আন সমষ্টিৰ দৰে কলিয়াবৰ সমষ্টিতো বিগত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে চাহ শ্ৰমিক সকলে ৷ নিৰ্বাচন আহে, নিৰ্বাচন যায় ৷ ভাষণৰ ফুলজাৰিৰে ভোটাৰৰ মন জয় কৰি গাদী দখলৰ পাচত সমষ্টিবাসীক পাহৰি যায় ৷ তেনে দৃশ‍্য এতিয়া সুলভ হৈ পৰিছে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিতো ৷

ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে

বিগত সময়ছোৱাত জন প্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতিৰ যোগ-বিয়োগৰ আলোচনাত হতাশ আৰু ক্ষোভিত চাহ-শ্ৰমিকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ চিকনী চাহ বাগিছাৰ একাংশ মহিলা শ্ৰমিকৰ ক্ষোভ, নিৰ্বাচন আহিলে নাচি-বাগি ভোট বিচাৰে, জয়ী হোৱাৰ পাচত আমাক গুৰুত্ব নিদিয়ে ৷ আমাৰ মূল্য নুবুজিলে আমিও কাৰোৰে মূল্য নুবুজো ৷ সেয়া সৰ্বানন্দই হওক বা গৌৰৱ গগৈয়ে অথবা নৰেন্দ্ৰ মোদীয়ে হওক ৷

উল্লেখ্য যে, চৰকাৰী ভূমি,ঘৰ,মজুৰী তথা অনান‍্য সুবিধাৰ পৰা বঞ্চিত চাহ জনগোষ্ঠীৰ ক্ষোভ-বেদনাৰ চৰ্চাই স্থান লাভ কৰিছে চাহ-শ্ৰমিকৰ কৰ্ম-ব‍্যস্ত জীৱনত। চিকনী চাহ বাগিচাৰ একাংশ শ্ৰমিকে চাহপাত তুলি থকাৰ সময়তো কেমেৰাৰ সন্মুখতে প্ৰকাশ কৰিলে ক্ষোভ ৷ নিৰ্বাচনৰ সময়ত ডাঙৰ-ডাঙৰ প্ৰতিশ্ৰুতি দি বিজয়ী হৈ সেই প্ৰতিশ্ৰুতি পালন নকৰে কোনো এখন চৰকাৰে ৷ সেয়েহে ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়ককো এইবাৰ মূল‍্য নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ মহিলা শ্ৰমিকে ৷ ক্ষোভৰ বহিৰ্প্ৰকাশ হিচাপে বাগিছাৰ ভোট বৰ্জনৰ লগতে প্ৰাৰ্থী সকলকো উভটাই পঠিওৱাৰ সিদ্ধান্ত শ্ৰমিকৰ ৷

লগতে পঢ়ক:তেজপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য

Last Updated : Mar 17, 2021, 11:49 AM IST

ABOUT THE AUTHOR

...view details