অসম

assam

ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত নগাঁৱৰ শ্ৰেয়া সৰকাৰ

ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2021ৰ ফলাফল ৷ ফলাফলত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিলে নগাঁৱৰ ছাত্ৰী শ্ৰেয়া সৰকাৰে ৷

shreya-sarkar-of-nagaon-got-the-highest-mark-in-hslc-result-2021
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত নগাঁৱৰ শ্ৰেয়া সৰকাৰ

By

Published : Jul 30, 2021, 7:52 PM IST

নগাঁও, 30 জুলাই: ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰিলেও শুকুৰবাৰে ছেবাই ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ ফলাফলত প্ৰথম দহটা স্থানৰ পৰা বঞ্চিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী ৷ অনুষ্ঠানিকভাৱে স্থান প্ৰদান নকৰিলেও অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ শ্ৰেয়া সৰকাৰে ৷ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যালয়ৰ ছাত্ৰী শ্ৰেয়া সৰকাৰে 99.5 শতাংশ নম্বৰ লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত নগাঁৱৰ শ্ৰেয়া সৰকাৰ

ফলাফল ঘোষণা হোৱাৰ পাচতে শ্ৰেয়া সৰকাৰৰ বাসগৃহত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ বিভিন্ন দল-সংগঠনৰ তৰফৰ পৰা ছাত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে শুভেচ্ছা বাৰ্তা ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা শ্ৰেয়া সৰকাৰৰ সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে নৱৰূপ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ৷ কিন্তু, মন কৰিবলীয়া যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয়সমূহত নাই কোনো উৎসৱমুখৰ পৰিৱেশ ৷

উল্লেখ্য যে, 30 জুলাই অৰ্থাৎ শুকুৰবাৰে ছেবাই ঘোষণা কৰিলে বহু অপেক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফল ৷ পৰীক্ষাৰ ফলাফলত এইবাৰ কোনোধৰণৰ স্থান প্ৰাপকৰ ব্যৱস্থা কৰা নাই ছেবাই (SEBA) ৷ ইয়াৰ বিপৰীতে কৰা হৈছে কেৱল ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংছনৰ ব্যৱস্থা ।

সেই অনুসৰি সৰ্বমুঠ 510 বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক ডিষ্টিংছন আৰু 450 বা ততোধিক নম্বৰ লাভ কৰাসকলক ষ্টাৰ মাৰ্কৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন লাভ কৰিছে মুঠ 10,348 গৰাকী শিক্ষাৰ্থীয়ে আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে মুঠ 20,092 গৰাকী শিক্ষাৰ্থীয়ে ৷ ডিষ্টিংছন লাভ কৰা ছাত্ৰৰ সংখ্যা 4,797 গৰাকী ইয়াৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে 5,551 গৰাকী । একেদৰে ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰৰ সংখ্যা হৈছে 9,334 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে 10,758 গৰাকী ।

লগতে পঢ়কঃমেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

ABOUT THE AUTHOR

...view details