অসম

assam

ETV Bharat / state

বটদ্ৰৱাত দিন দুপৰতে ডকাইতি

তিনিজনীয়া ডকাইতৰ দলটোৱে বাট আগচি ব্যক্তি কেইজনৰ পৰা লুটি নিলে এক লাখ টকা । পিচত ৰাইজে ডকাইতৰ দলটোক হাতে লোটে ধৰি গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক ।

By

Published : Jun 29, 2019, 11:18 AM IST

বটদ্ৰৱাত দিন দুপৰতে ডকাইতি কাণ্ড

বটদ্ৰৱা, ১৯ জুন: বটদ্ৰৱাৰ বাটমাৰীত দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । শুকুৰবাৰে গৰৈমাৰি পামৰ পৰা মোজাক্কিল হক নামৰ লোকজন দুগৰাকী মহিলাসহ নগাঁওলৈ গৈ থকা অৱস্থাতেই বটদ্ৰৱাৰ বাটমাৰীত ডকাইতে চলায় লুট -পাট । তিনিজনীয়া ডকাইতৰ দলটোৱে বাট আগচি ব্যক্তি কেইজনৰ পৰা লুটি নিলে এক লাখকৈ টকা । পিচত ৰাইজে ডকাইতৰ দলটোক হাতে লোটে ধৰি গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক । ধৃত ডকাইত কেইটা ক্ৰমে, আনিজুল ইছলাম, ছানুৱাৰ হুছেইন আৰু ইমান আলী । সম্প্ৰতি ধৃত ডকাইত কেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে । বটদ্ৰৱা চহৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হোৱা এনে ডকাইতি কাণ্ডত ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা । উক্ত ডকাইতি কাণ্ডত এজন শিক্ষকৰ পুত্ৰ ছানুৱাৰ হুছেইন নামৰ যুৱকজন জড়িত হৈ থকা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

বটদ্ৰৱাত দিন দুপৰতে ডকাইতি কাণ্ড

ABOUT THE AUTHOR

...view details