অসম

assam

By

Published : Feb 27, 2023, 5:48 PM IST

ETV Bharat / state

Lesser Adjutant Bird at Raha: বিপদাপন্ন বৰটোকোলা সংৰক্ষণৰে উদাহৰণ দাঙি ধৰিছে দুখন গাঁৱৰ ৰাইজে

অসমৰ পৰিৱেশ বৰটোকোলাৰ বাবে উপযোগী । অথচ সেই অসমতে এতিয়া বৰটোকোলাৰ সংখ্যা দুষ্প্ৰাপ্যৰ পৰ্যায় পাইছেগৈ (Lesser Adjutant Bird) । এনে সময়তে বৰটোকোলাক সংৰক্ষণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে ৰহা ৰাজহ চক্ৰৰ অধীনত ৰাহাচাকী আৰু বামুনিয়াগাঁৱৰ বাসিন্দাসকলে ৷ বৰ্তমান ২৫ টাতকৈও অধিক বৰটোকোলাই অঞ্চলটোৰ শিমলু গছত বসতি স্থাপন কৰিছে ৷

Lesser Adjutant Bird at Kaliabor
বিপদাপন্ন বৰটোকোলা সংৰক্ষণৰে উদাহৰণ দাঙি ধৰিছে ৰহা দুখন গাঁৱৰ লোকে

কলিয়াবৰ, ২৭ ফ্ৰেব্ৰুৱাৰী: ফাগুনৰ শিমলুৰঙী আকাশৰ মাজত উৰি থাকে বৰটোকোলা (Lesser Adjutant Bird in Assam) । এইবিধ পক্ষীয়ে ওখ শিমলুত সাজে বাহ, পোৱালি জগায় । খাদ‍্যৰ সন্ধানত জলাশয়ৰ আশে-পাশে ভিৰ কৰেহি বৰটোকোলাই । কিন্তু এতিয়া নৈ পৰীয়া, বিল পৰীয়া অসমীয়াৰ চকুৰ আগেদি বৰটোকোলা চাই থাকোঁতেই সংখ্যাত কমি আহিছে । বৰটোকোলাই বাহ সজা ডাঙৰ গছৰ অভাৱ ঘটিছে । পথাৰৰ পৰিমাণ কমিছে, বিলবোৰ পোত খাইছে, আলি কাষৰীয়া দ’ ঠাই বোৰ পুতি জীৱিকাৰ নিমিত্তে ব্যৱসায় আৰম্ভ কৰা হৈছে । কিন্তু এই অৱস্থাত কনুৱা, কৰচন, বগলী, মাছোৰোকা, শামুকভঙা, হাড়গিলা আৰু বৰটোকোলা আদিৰ দৰে চৰাইবোৰ যাব ক’লৈ ? খাব কি ? এনে এটা দিন আহি আছে, অলপ দিন আগলৈকে সচৰাচৰ দেখিবলৈ পোৱা চৰাইবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে । গাঁৱতেই পৰিবেশ সলনি হৈছে । নগৰ, চহৰৰ নাম নল’লেও হ’ব ।

বৰটোকোলা, বৰ মানে ডাঙৰ । টোকোলা নে টোপোলা সেইতোহে ইতিহাসে একো নকয় । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তালিকা ভুক্ত কৰা সংস্থা International Union for Conservation of Nature এ বৰ্তমান বৰটোকোলাক দুষ্প্ৰাপ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে । IUCN ৰ মতে বৰটোকোলাৰ সংখ্যা বৰ্তমান হাজাৰৰ আশে-পাশে হ’ব । এতিয়া কেৱল অসম আৰু কম্বোডিয়াতহে বৰটোকোলা পোৱা যায় । পূৰ্বে ম‍্যানমাৰতো বৰটোকোলা পোৱা গৈছিল যদিও এতিয়া সেই তালিকাৰ পৰা ম‍্যানমাৰক বাদ দিয়া হৈছে ।

এনে সময়তে বৰটোকোলাক সুৰক্ষাৰ বাবে এক প্ৰচেষ্টা গ্ৰহণ কৰিছে । কেইবছৰমান আগতে ৰাহাচাকী আৰু বামুনিয়াগাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ গাঁওদুখনৰ সীমাত থকা এটা ওখ গছত দুটা বৰটোকোলা চৰায়ে বাহ নিৰ্মাণ কৰা দেখা পায় । প্ৰথমে, তেওঁলোকে এই চৰাইৰ প্ৰজাতিটোৰ গুৰুত্ব উপলব্ধি কৰা নাছিল । তেওঁলোকৰ বহুতে এইটো এটা সাধাৰণ কথা বুলি বিবেচনা কৰিছিল ৷ কিন্তু পাচত তেওঁলোকৰ গাঁৱৰ কিছুমান প্ৰকৃতিপ্ৰেমীৰ পৰা চৰাই দুটা বিপদাপন্ন প্ৰজাতিৰ বুলি জানিব পাৰি ইয়াৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহে ৷

ৰহা ৰাজহ চক্ৰৰ (Raha Revenue Circle) অধীনত কলং নদীৰ কাষৰ গাঁও দুখনৰ বাসিন্দাসকলে সজাগতাৰ অভাৱৰ বাবে তেওঁলোকৰ বাসস্থানৰ ওচৰৰ বাহ সজা গছবোৰ কাটি পেলাইছিল ৷ কিন্তু ২০১৯ চনত তেওঁলোকে ইয়াৰ বিষয়ে অৱগত হোৱাৰ পাচত গছ কটা বন্ধ কৰে ৷ প্ৰকৃতি তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰা স্থানীয় বেচৰকাৰী সংগঠন অকণিৰ কবিতা ঘৰে গাঁওবাসীসকলক এই চৰাইবোৰৰ প্ৰয়োজনীতা আৰু আমাৰ চৌদিশৰ পৰিবেশ সুস্থ ৰখাৰ বাবে ইয়াৰ অপৰিহাৰ্যতাৰ বিষয়ে অৱগত কৰে ।

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ মুৰব্বী অবনী শইকীয়াই তেওঁলোকে বৰ্তমান গাঁওবাসীৰ সহযোগত এই চৰাইবোৰৰ জনসংখ্যা বৃদ্ধিৰ বাবে কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে । অবনী শইকীয়াই জানিবলৈ দিয়া মতে, বৰ্তমান মুঠ ২৫ টাতকৈও অধিক বৰটোকোলাই শিমলু গছত বসতি স্থাপন কৰিছে ৷

লগতে পঢ়ক :Lesser Adjutant Bird at Kaliabor: পথৰ দাঁতিৰ ওখ শিমলুত বৰটোকোলা পোৱালিৰ আবদাৰৰ বতৰা

ABOUT THE AUTHOR

...view details