অসম

assam

By

Published : Oct 12, 2020, 6:37 PM IST

ETV Bharat / state

কৃত্ৰিম ভৰিৰেই চাইকেল চলাই কলিয়াবৰত উপস্থিত পেৰাচাইকেলিষ্ট ৰাকেশ

'গাঁওসমূহৰ প্ৰতিজন লোকেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিটো আঁচনিৰ বিষয়ে অৱগত হওক আৰু প্ৰতিটো আঁচনিৰ হিতাধিকাৰী হ'বলৈ সক্ষম হওক' –এই উদ্দেশ‍্য আগত ৰাখি আৰম্ভ কৰা এই যাত্ৰাই অসমৰ ৰাইজক সজাগ কৰি তুলিব বুলি আশাবাদী ৰাকেশ পেৰাচিক্লিষ্ট।

rakesh-the-para-cyclist-at-kaliabor
কৃত্ৰিম ভৰিৰেই চাইকেল চলাই কলিয়াবৰত উপস্থিত পেৰাচাইকেলিষ্ট ৰাকেশ

কলিয়াবৰ, 12 অক্টোবৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা বিভিন্ন সজাগতামূলক বাৰ্তা গ্ৰাম্যঞ্চলৰ লোকসকলক অৱগত কৰাৰ উদ্দেশ্যৰে অসমৰ উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত আদিত যাত্ৰা অব্যাহত ৰাখিছে ৰাকেশ বণিকে । এখন কৃত্ৰিম ভৰিৰেই চাইকেল চলাই সজাগতামূলক যাত্ৰা অব্যাহত ৰাখিছে ৰাকেশে।

কৃত্ৰিম ভৰিৰেই চাইকেল চলাই কলিয়াবৰত উপস্থিত পেৰাচাইকেলিষ্ট ৰাকেশ

অসমৰ উজনি-নামনিৰ ভিন্ন প্ৰান্তৰ নামৰূপ,গোৱালপাৰা,বকো,মঙলদৈ,গোলাঘাট,কাজিৰঙা আদি অঞ্চলত সজাগতাৰ বাৰ্তা বিলাই সোমবাৰে কলিয়াবৰত উপস্থিত হয় ৰাকেশ বণিক । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে সজাগতামূলক বাৰ্তা প্ৰদান কৰাৰ উদ্দেশ‍্যে ২৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ কৰা ৰাকেশ পেৰাচাইকেলিষ্টৰ এই সজাগতামূলক যাত্ৰা মঙলবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়ত অন্ত পৰিব। সোমবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত মহকুমাধিপতি বিতুপন নেওগে ৰাকেশক আদৰণি জনাই যাত্ৰাৰ সফলতা কামনা কৰে।

কৃত্ৰিম ভৰিৰেই চাইকেল চলাই কলিয়াবৰত উপস্থিত পেৰাচাইকেলিষ্ট ৰাকেশ

'গাঁওসমূহৰ প্ৰতিজন লোকেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিটো আঁচনিৰ বিষয়ে অৱগত হওক আৰু প্ৰতিটো আঁচনিৰ হিতাধিকাৰী হ'বলৈ সক্ষম হওক' –এই উদ্দেশ‍্য আগত ৰাখি আৰম্ভ কৰা এই যাত্ৰাই অসমৰ ৰাইজক সজাগ কৰি তুলিব বুলি আশাবাদী ৰাকেশ পেৰাচিক্লিষ্ট।

লগতে পঢ়ক: নিশাৰ সময়তো লেহত উৰিবলৈ সাজু ভাৰতীয় বায়ু সেনা

ABOUT THE AUTHOR

...view details