অসম

assam

By

Published : Jun 20, 2023, 3:39 PM IST

ETV Bharat / state

Rabha Diwas 2023: কলিয়াবৰৰ সৈতে কলাগুৰুৰ আছিল আত্মিক সম্পৰ্ক

বিষ্ণু প্ৰসাদ ৰাভাই তাণ্ডৱ নাচিবলৈ কোৱা আৰু গীত পৰিৱেশনৰ সহযোগ কৰা কলিয়াবৰৰ কোন এই বলো আৰু পুষ্প ? আজি ৰাভা দিৱসত কলাগুৰুক সোঁৱৰণ ।

Rabha Diwas 2023
ৰাভা দিৱস পালন

ৰাভা দিৱস পালন

কলিয়াবৰ, ২০ জুন:কলিয়াবৰৰ সৈতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এক আত্মিক সম্পৰ্ক আছিল । কি ৰজা , কি প্ৰজা সকলোকে আপোন কৰিব পৰা গুণৰ বাবে বিষ্ণু প্ৰসাদ ৰাভা আজিও অসমৰ জনমানসত চিৰনমস‍্য হৈ আছে । কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিমাশ্ৰী পাঠকে কলাগুৰুৰ সৈতে থকা কলিয়াৰৰ আত্মিক সম্পৰ্কৰ কথা ব্য়াখ্য়া কৰি কয় ঘটনাটো ১৯৫৯-৬০ চনৰ । ১৯৩৩ চনতে ব্ৰিটিছে স্থাপন কৰা তেতিয়াৰ কলিয়াবৰ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ নিশাৰ কাৰ্যসূচীৰ বিশিষ্ট অতিথি আছিল ক্ষণজন্মা বিষ্ণু প্ৰসাদ ৰাভা । দিনৰ ভাগত বিশিষ্ট সাহিত‍্যিক বেণুধৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ অন্তত নিশা যেতিয়া ৰাভাদেৱ মঞ্চত উঠিল, দু-আষাৰ কোৱাৰ পাছত উপস্থিত সকলোৱে গীত আৰু নৃত‍্যৰ অনুৰোধ কৰিলে ।

বিষ্ণু প্ৰসাদ ৰাভাই নিৰাশ কৰাৰ কথাই নাই । প্ৰথমেই কলাগুৰুৰ সেই বিখ‍্যাত তাণ্ডৱ নৃত‍্যৰ পাল । নৃত‍্য কৰিবলৈ মঞ্চৰ পৰাই মাতিলে বলাইক । ৰাভাই ক'লে,"বলো তই নাচটো দেখুৱাব পাৰিবিনে ?" কিন্তু বলোই সেই সময়ত শাৰীৰিক অসুস্থতাৰ বাবে নাচিব পৰা অৱস্থাত নাছিল । তাৰ পিচতে ৰাভাই গীত পৰিৱেশন কৰিবলৈ সহযোগী হিচাপে মাতি পুষ্পক ক'লে,"পুষ্প,আহ ধৰহি ।"

তাৰ পাছত হাৰম’নিয়ামখন ধৰি গালে,"ফুলগুৰিৰ ফুলেশ্বৰ,ৰহাৰ ৰহেদৈ,দুটি জীৱন সাঙোৰ খালে,মনৰ মিলন হ'ল...।"এই গীতটি গাওঁতে সহযোগ কৰিছিল পুষ্পই । কলিয়াবৰৰ এখন বিদ‍্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বলোৰাম বাৰিচোৱা আৰু বিদ‍্যালয়ৰ প্ৰধান শিক্ষক পুষ্পকান্ত খাউণ্ড । তেতিয়ালৈকে কলিয়াবৰৰ ৰাইজে জনাই নাছিল বলোৰ তাণ্ডৱ নৃত‍্য আৰু পুষ্পকান্ত খাউণ্ডৰ গীত গোৱাৰ কথা ।

সেই সময়ৰ বিদ‍্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক আছিল বৰ্তমানৰ বিশিষ্ট সাহিত‍্যিক উপেন্দ্ৰ বৰকটকী । এগৰাকী বিখ‍্যাত ব‍্যক্তিৰ এনে সহজ-সৰল আচৰণে সেইদিনা সভাস্থলীত উপস্থিত ৰাইজক মুগ্ধ কৰিছিল । লগতে কলিয়াবৰৰ লগত থকা ৰাভাদেৱৰ আত্মিক সমন্ধৰ কথা উপলব্ধি কৰিছিল । এই বিৰল ঘটনাটো বৰ্তাৱকৰ পৰা শুনিছিল বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিমাশ্ৰী পাঠকে ।

লগতে পঢ়ক:Mariani Errosion: উটি গ’ল ৰেলৱেৰ সুৰক্ষা কৱচ; তিনিচুকীয়াৰে ৰে’ল সেৱা বন্ধ হোৱাৰ আশংকা

ABOUT THE AUTHOR

...view details